পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
দ্বিতীয় সর্গ
 

ৰক্ষকুল-শত্ৰু কত অবোধ তপস্বী।
বাতাপি হোৱয় মেষ; তাৰ মাংস কাটি
ইল্বল আতিথ্য কৰি গৃহ-অতিথিক
কৰায় ভোজন; পাছে ‘বাতাপি’ ‘বাতাপি’
ডাকিলে ইল্বলে, হয় বাহিৰ বাতাপি
বিদাৰি অতিথি-গৰ্ভ। ইমতে দুভাই
পঠাইলে কত বিপ্ৰ শমন সদনে।”
 শুনি ৰক্ষোবৰ বাণী, সনম্ৰে দূষণ
উত্তৰিলা, “বীৰমণি! মুনিগণ মাজে
আছে কিন্তু একোজন, অগ্নিশিখা সম
ধৰে তেজ তপোবলে; নিৰ্গতি অনল
নেত্ৰ থাকি, কৰে ভষ্ম যাৰ দিশে চায়;
যথা: ৰক্ষশূৰ ভষ্মলোচন লঙ্কাৰ;
অথবা কৈলাসপতি ৰতিপতি কামে
কৰিছিলা ভষ্ম যথা নয়ন-অনলে।
শুনিয়াছোঁ জহ্ণুমুনি কৰিছিলে পান
গণ্ডুষে গঙ্গাৰ জল; পাইলা লঞ্ছনা
গৌতমৰ কোপানলে সহস্ৰ-লোচন।
কি কাম অধিক দূৰে? বাতাপি ইল্বল,
—কহিলা যাহাৰ কথা; মায়ায় বধিলে
যি দুজনে মুনিগণ—, কিমতে পতন


 নিৰ্গতি অনল—অগ্নি বাহিৰ কৰি।