পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সীতাহৰণ-কাল্য
 

কৰে তপ জপ যাগ বাহিৰ ওলাই;
অনুশৰ দল অনুসন্ধানি নাপায়।”
 শুনি খৰ দূষণৰ কথোপকথন,
তৃতীয়ে ত্ৰিশিৰা ৰক্ষ দ্বিতীয়ক চাহি
কহিলা, “প্ৰকাশি মুৰ্ত্তি কিমতে ৰাক্ষস
ধৰিব তপস্বিগণে? পাৰে কি শাৰ্দ্দুলে
ধৰিব হৰিণ-শিশু, মাৰ্জ্জাৰে মূষিক,
নিষাদে বিহঙ্গ, দিয়া সাক্ষাত দৰ্শন?
কোনে গা পাতিব, ভক্ষ হইয়া, ভক্ষকে?
লুকাইয়া, ছল কৰি, বৈৰী নিৰ্য্যাতন
নকৰিলে; শত্ৰুনাশ হোৱে কি সম্ভব?
মায়াবী ৰাক্ষসগণ মায়া বিস্তাৰিয়া।
অবাধে বধিব পাৰে অবোধ মানব
মুনিগণে; যদি কৰে বুদ্ধিৰ চালনা।”
 “ত্ৰিশিৰা কহিছে ঠিক,” উত্তৰিলা খৰ,
নাথাকিলে চেষ্টা যত্ন কাৰ্য-একাগ্ৰতা,
নোহে কাৰ্য্যসিদ্ধি কভু; কহে বিজ্ঞগণ
সাধনে হোৱয় সিদ্ধি, যতনে ৰতন।
বাতাপি ইল্বল দুই কেনে বুদ্ধিমান
আছিল ৰাক্ষস-বংশে; বধিলে বুদ্ধিৰে


 অনুশৰ—ৰাক্ষস। মাৰ্জ্জাৰ—বিড়ালী। নিষাদ—ব্যাধ।
 বাতাপি আৰু ইল্বল নামেৰে দুটা ৰাক্ষস আছিল।