পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সীতাহৰণ-কাব্য
 

হুইলে দণ্ডকে পূৰ্ণ ৰক্ষ-অধিকাৰ
দুঃসহ, দূষণ খৰ প্ৰখৰ প্ৰতাপে।
 সভাতলে বসি খৰ ৰক্ষকুলবলী,
কনিষ্ঠ দূষণ প্ৰতি কহিবে লাগিলা,
“বহুদিন, বীৰবৰ! লক্ষিয়াছোঁ আমি
কুলক্ষণ ৰক্ষোদলে; লক্ষিছা কি নাই
তুমি ভাই? আছে যত আমাসাৰ সেনা
ইবনে, ক্ৰমশঃ যেন হীনবল সবে;
নোৱাৰে বধিব আৰু ৰক্ষকুল-শূল
মুনিগণে; হেতু কিবা নুবুজিছোঁ আমি।
দুষ্ট মুনিগণ কিবা মোহমন্ত্ৰ বলে।
মোহিয়াছে অনীকিনী অকামিলা কৰি;
—ভগ্নদন্ত অহি যথা—, হীনবল সবে।
ভুবন-অমিত্ৰ সেই বিশ্বামিত্ৰ মুনি
আছে এতকাল বাঁচি! ই কাল বৈৰীৰ
নাই কি মৰণ? কূট বৃদ্ধ জটাধাৰী,
সঙ্গী মুনিগণ সহ কূট বৃদ্ধি কৰি,
শ্ৰীৰাম লক্ষ্মণ হাতে মৰালে তাড়কা;
অন্তিলে ত্ৰিকোটী আৰু ৰাক্ষসৰ সেনা
যজ্ঞকালে মিথিলাত। তাড়কা-তনয়


 হইলে দণ্ডকে.......প্ৰখৰ প্ৰতাপে—খৰ দুষণৰ প্ৰখৰ প্ৰতাপত অসহ্য ৰক্ষ-অধিকাৰ দণ্ডক বনত পূৰ্ণ হল।