পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
প্রথম সর্গ
 

যাবোঁ যৈত ইচ্ছা তব,—সুমেৰু পর্ব্বতে,
কৈলাসে, সমুদ্রপাৰে, নন্দন-কাননে,
লঙ্কাৰ অশােকবনে, কিম্বা মধুৰনে,
যথা অভিৰুচি—, মােৰ অবাধিত গতি।
তব সঙ্গে অতি ৰঙ্গে প্রেমৰ তৰঙ্গে
ভাসিবোঁ ; কৌতুকে, যেন কাম কামকলা,
বিহৰিবোঁ বিজনত ফুলশয্যা ৰচি।
অহৰহ কৰা তব সার্থক জীৱন
সার্থকা যৌবনাে মােৰ, ৰমণী-ৰমণ!
 প্রেমাকুলা ৰক্ষোবালা-বচন শুনিয়া,
দুশ্চৰিত্ৰা জানি, মনে কৰি উপহাস,
সম্বােধিলা ৰঘুবৰ বীৰেন্দ্ৰ-বাৰণ
যুবতীক, “মনােৰমে কমল-বদনি!
দেখিও সস্ত্রীক আমি ; পাইবা সতিনী
বৰিলে আমাক; যােৱা লক্ষ্মণৰ পাশে।
সুলক্ষণ শূৰমণি, বাৰিজ বয়ান,
আছয় অস্ত্রীক ; তুমি ভাৰ্য্যা হােৱা তাৰ ;
সমানে সমান ৰূপ হােক্‌ সম্মিলিত ;
নবীন নবীনা মিলি শােভিও কানন।”
কৌশল্যা-কাচল-নিধি কৰি উপহাস
যি কহিলা, সত্য মানি, চলিলা কামুকী,


 কামকলা—কামপত্নী, ৰতি।