“তব অনুগ্ৰহে দাসী, ৰঘুকুল-নিধি!
পাইলে সহজ সংজ্ঞা একজ দ্বিজৰ,
চৰ্ব্বণে হোৱয় বৎস, ডিম্ব অচৰ্ব্বণে।”
সীতা মুখে শুনি সূত্ৰ হাসি দাশৰথি
বুলিলা চিবুক ধৰি, “এহি সূত্ৰ তব,
—‘চৰ্ব্বণে হোৱয় বৎস, ডিম্ব অচৰ্ব্বণে—,
ন অৰ্চ্চে তোমাত প্ৰিয়ে! জনক কৰ্ষণে
পাইলে তোমাক অণ্ডৰূপে ভূমিতলে;
অণ্ড সমুদ্ভুতা, সতি, অমানবী তুমি,।”
কান্তৰ কৌতুক-বাক্যে ঈষদ লজ্জিতা
সুহাসিনী, মৃদু হাসি পতি বক্ষঃস্থলে
লুকাইলা শশিমুখী, সৌদামিনী যেন
মেঘ বক্ষে। বুলাইয়া শ্ৰীকৰ শ্ৰীৰাম
শ্ৰীমুখে, কহিলা, লোভী লজ্জ-ৰাহু আসি
গ্ৰাসিছিলে বিধুমুখ; বিতাৰিলোঁ হাতে
শত্ৰু তব; বিধুমুখি, পাইও প্ৰকাশ।
দেখিও আসিছে সৌৱা ফল মূল সহ
দেৱৰ লক্ষণ তব।” সচকিত সীতা
প্ৰকাশিলা পদ্মানন, আঁতৰিলা হাসি।
একজ—যাৰ এবাৰ জন্ম হয়; যেনে মানুহ গৰু পহু ইত্যাদি। দ্বিজ—যাৰ দুবাৰ জন্ম হয়; যেনে চৰাই সাপ ইত্যাদি। ন অৰ্চ্চে— না খাটে। সৌদামিনী—বিজুলী। বিতাৰিলোঁ—খেদালোঁ।