পাইলোঁ,—অশৃঙ্গী নখী, শৃঙ্গী খুড়পদী—।
আৰু এক কৌতুহল আছে ইদাসীৰ;
কোনো প্ৰাণী বৎস দিয়ে, ডিম্ব কোনো কোনো,
ডিম্ব হন্তে হোৱে পাছে বৎসৰ উদ্ভব;
এই দুইৰূপে প্ৰাণী লভয় জনম
অহৰহ। কৃপাময়, কোৱা কৃপা কৰি
কোন্ প্ৰাণী একজন্মী, কোন্ প্ৰাণী দ্বিজ।”
জানকীৰ কৌতুহলে কৌশল্যা কুমাৰ
কহিলা কৌতুকে, “সতি! চৰ্ব্বণ কৰিয়া
আহাৰে যিসব জীৱ, বৎস সিসবৰ
হোৱে জন্ম একেবাৰে। চৰ্ব্বণ নকৰি
গিলি খায় যিবিলাকে; সিসবে প্ৰসব
কৰে অণ্ড। অশ্ব নৰ বানৰ বাদুলী
গো মহিষ আদি প্ৰাণী কৰয় চৰ্ব্বণ
আহাৰ; সিহেতু বৎস জন্মে সিসবৰ!
মৎস্য সৰ্প বেঙ আদি, আৰু পক্ষী জাতি,
চৰ্ব্বণ নকৰি ভক্ষ্য গিলি মাত্ৰ খায়;
প্ৰসবে সিহেতু ডিম্ব, চিত্তবিনোদিনি”
পতি মুখে ব্যাখ্যা শুনি হৰষিতা অতি
মধুৰ ভাষিণী সতী সুকণ্ঠে ভাষিলা,
অশৃঙ্গী নখী, শৃঙ্গী খুড়পদী-যাৰ নখ আছে, তাৰ শিং নাই, আৰু যাৰ ভৰিত ফলা খুড়া আছে, তাৰ শিং আছে।