পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭১
সপ্তম সৰ্গ

লই প্ৰতিহিংসা তাৰ, কোনোবা মায়াবী
পাতিছে মায়াৰ জাল ঘটাৱে জঞ্জাল;
জঞ্জালিলা যথা শূৰ্পনখা সেহি দিন
ধৰিয়া মোহিনীৰূপ। হইও নিৰস্ত,
নাহি কাৰ্য্য, আৰ্য্যপূৰ, সুবৰ্ণ হৰিণে।”
 উত্তৰিলা ৰঘুপতি, “শুনিও লক্ষ্মণ,
প্ৰকৃত হৰিণ যদি, আবৰণ তাৰ।
লইবোঁ বিচিত্ৰ অতি; যদিবা ৰাক্ষস
মায়াবী, মাৰিবোঁ তাক দণ্ডক-কণ্টক;
মুনিগণ নিষ্কণ্টক হোক ই কাননে।
যতক্ষণ নাসোঁ আমি নাশিয়া ইয়াক,
—প্ৰকৃত হৰিণ কিম্বা মায়াবী ৰাক্ষস-
থাকা এই স্থানে ভাই; নাযাইবা কভু
জনক জীয়াৰী এৰি গৃহে একেশ্বৰী।”
এতেক কহিয়া বীৰ ধৰি ধনুৰ্ব্বাণ
চলিলা উদ্দেশি মৃগ; ধৰিবাৰ হেতু
কৰিলা যতন বহু; থাকে থাকে মৃগ
ওচৰ চাপিলে ৰাম, পলায় অন্তৰে।
ক্ষণকে নিকট হয়, ক্ষণে যায় দূৰ
মায়াবী; প্ৰলোভি হেনৰূপে নৃপসুতে
অন্তৰালে বহুদুৰ। জানিয়া ৰাঘব
নহয় প্ৰকৃত মৃগ, শৰাসনে শৰ