পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
সপ্তম সৰ্গ

সহোদৰা নাসা কৰ্ণ কাটিলে পামৰ
একবাৰ; পুনৰ্ব্বাৰ কৰিলে সংহাৰ
দু-ভাই দূষণ খৰ ৰক্ষোগণ সহ
আছিল ই বনে যত। বনবাসী ৰাম,
কৰে অত্যাচাৰ হেন! বৃথা মোৰ তেজ,
বৃথা মোৰ বাহুবল; পুত্ৰ মোৰ বৃথা
ইন্দ্ৰজিত হেন; বৃথা কুম্ভকৰ্ণ ভাই;
নাপায় ৰাঘব যদি কাৰ্য্য প্ৰতিফল!
কোৱা মিত্ৰবৰ এবে তপস্বী দুজনে,
—মাতৃহন্তা তব, আৰু ৰক্ষকুল ক্ষয়ী—,
ছলিবে কৌশল কিবা কৰিছা সুস্থিৰ।
বলে ছলে নিবোঁ আজি সীতাক ধৰিয়া
ৰামৰ হৃদয়-ধন; সি ধন বিহনে
কান্দে যেন কৰ্ম্মফল কৰিয়া স্মৰণ
বনে বনে বন্যৰাম শোকে অহনিৰ্শি।”
 বুলিলা মাৰীচ পাছে, “শুনা লঙ্কেশ্বৰ!
দেখিলোঁ আশ্চৰ্য এক ৰক্ষ-পুষ্পবনে
জন্তুগণ মাজে এক সুবৰ্ণ হৰিণ
লৰিয়া পলাল মোৰ দেখি আগমন;
মোহিত হইলোঁ ৰূপে; চলিলোঁ পশ্চাতে;
নেদেখিলোঁ কিন্তু আৰু হয় অনুমান
দেবতা সদয় হুয়া শিকালে কৌশল।