পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
সীতাহৰণ কাব্য

গুণিলা মনত বীৰ, “ইকি হল মোৰ?
স্বপন দেখিলোঁ কিবা দিঠকতে আজি!
নিৰ্ভীক অন্তৰে হল শঙ্কাৰ সঞ্চাৰ
হঠাৎ কিহেতু আজি? সামান্য ৰাঘবে,
-তপস্বী মানবে-, ভয় ই মোৰ হৃদয়ে
যি শত্ৰু কৰিলে হেন লাঞ্ছনা ৰাক্ষসে
মোৰ হাতে দণ্ডনীয় অবশ্য নিশ্চয়।”
 আসিলা সুকেতু-সুতা-সুত হেনকালে
অন্যত্ৰ থাকিয়া,; চিন্তাযুত দশগ্ৰীৱে
কহিলা, “ৰাজন! ৰাজ্য খৰ দূষণৰ
শ্মশানত পৰিণত দেখিও নয়নে।
দণ্ডক ৰাক্ষস শূন্য; শূন্য গৃহ সবে
জন্তুগণ অনুক্ষণ বিচৰণ কৰে।
চতুৰ্দ্দশ সহস্ৰ কটক সহ হায়
কীলসম কীলালপ-অধিপ দু-ভাই
ভূতলে শায়িত আজি। বুদ্ধিমান তুমি,
ভাৰিচোৱা ৰাঘবৰ ৰণ-শিক্ষা কেনে।”
 আকৰ্ণি মাৰীচ-বাণী অগিৰ-ঈশ্বৰ
কোলে কম্পি, ৰক্তবৰ্ণ বিংশতি লোচনে
উত্তৰিলা, “দেখা কাৰ্য্য নগণ্য নৰৰ!


সুকেতু-সুতা-সুত—সুকেতুৰ কন্যা তাড়কা, তাড়কাৰ পুত্ৰ মাৰীচ
কীল—অগ্নিশিখা। কীলালপ—ৰাক্ষস।