পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
সীতাহৰণ-কাব্য
 

কৰে কলৰব সবে, শব ৰাশি ৰাশি
পাই হৰষিত মনে। অগণ্য কাউৰ
খায় মাংস; দেখি ক্ৰোধে খেদিছে কুক্কুৰ
বায়স উড়িছে ভয়ে, কিন্তু মাংস লোভ
এৰিব নোৱাৰি, শূন্যে ঘূৰিয়া ঘূৰিয়া।
জিজ্ঞাসিছে, “কাকা তই নিদিয় কি খাব?”
বায়স বিপত্তি দেখি হাসিছে শগুণী।
“হিহি হিহি খিকি খিকি”; কুক্কুৰ ধাইছে
লক্ষি সি সবাক ক্ৰোধে; প্ৰসাৰি ডেউকা
ভয়ে পলাইছে যত শগুণৰ শ্ৰেণী।
গৃধিনী উড়িল দেখি, প্ৰশংসি শ্বাপদে
“হুৱা হুৱা ভাল হুৱা” অদূৰে গোমায়ু
ডাকিলা আনন্দে। পুনঃ তাড়িলা সিদিশে
বৃকাৰি; পলাল যত বৃকধূৰ্ত্ত ভয়ে।
খেদে কাক, খায় মাংস শৃগাল শগুণে;
শগুণ খেদিলে, খায় কাউৰ শৃগালে;
শৃগাল খেদিলে, খায় কাউৰ শগুণে।
এহিৰূপে খেদাখেদি কৰিছে কুক্কুৰ
নিৰন্তৰ; শান্তি নাই; শুকাইছে ভোকে;
শ্ৰান্ত কলেৱৰে পাছে ডাকিছে সঘনে,


 শ্বাপদ—কুকুৰ। গোমায়ু—শৃগাল। বৃকাৰি—কুকুৰ।
 বৃকধূৰ্ত্ত—শৃগাল।