পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্রথম সর্গ।
 

 জাগিলা জগতে জীৱ; জাগিলা কুটীৰে
আদিত্য উদিত দেখি আদিত্য-কুলজ
ৰাম লক্ষণ বীৰ, পঞ্চবটী বনে;
জাগিলা ৰাজর্ষি-সুতা সীতা সুহাসিনী
শ্ৰীৰাম মহিষী। গােদাবৰী স্বচ্ছ জলে
স্নানি তিনো জনে প্রাতঃক্রিয়া সমাপিলা।
 শ্ৰীৰাম আসিলা বনে পিতৃসত্য পালি ;
ভ্রাতৃস্নেহ পাশে বদ্ধ সুমিত্রা-নন্দন।
লক্ষণ, আসিলা সঙ্গে ; দুই ভাই, যেন
সুন্দ উপসুন্দাসুৰ দানবৰ কুলে,
এক স্নেহসূত্রে গাঁথা। পতিৰতা সীতা,
—পদাৰ্থৰ সঙ্গ ছায়া নাহি এবে যথা—
আসিলা স্বামীৰ সঙ্গে নিবিড় অৰণ্যে।
গােদাবৰী তীৰে নিৰ্ম্মি সামান্য কুটিৰ
ৰহিলা ৰাঘব, চিত্তবিনােদিনী সহ,
শােভি পঞ্চবটীবন ; যথা নিশাপতি
শােভয় চিত্ৰাৰ সহ নীল নভঃস্থলে ;
অথবা, কৈলাস শৃঙ্গে ভূজঙ্গ-ভুষণ।
ভূতনাথ, যথা দেবী ভবানীৰ সহ।


 আদিত্য-কুলজ—সূৰ্য্যবংশ জাত। ৰাজর্ষি—যি ৰজাৰ ঋষিৰ দৰে আচৰণ। জনক ৰজাৰ আচৰণ সেইৰূপ আছিল, সেই নিমিত্তে তেওঁক ৰাজর্ষি বােলে। তিনাে—তিনিও।