পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
যষ্ঠ সৰ্গ

 ইফালে মিলিলা মায়া, আশা, বীণাপাণি,
হুয়া কাল জানকীৰ। চলিলা ত্ৰিদেবী
পঞ্চবটী বনে; যেন সপ্তৰধী মিলি
চলিলা বধিবে শিশু অভিমন্যু বীৰ
অৰ্জ্জুন নন্দন, কুৰুক্ষেত্ৰ মহাৰণে।
লম্ভিলা মাৰীচ দেহে মায়া; লঙ্কেশ্বৰে
আক্ৰমিলা আশা দেবী; বাগ্দেবী লুকাই
ৰহিলা অপেক্ষি কাল ৰাঘব কুটিৰে।