পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
সীতাহৰণ-কাব্য
 

অকাৰণে ঋষিশ্ৰেষ্ঠ,—পাৰ্গত কেৱল
ক্ৰোধ প্ৰদৰ্শনে—, হায় দিলে অভিশাপ
নুবুজি, উচিত বক্তা দেব দুই জনে;
শুনিয়াছোঁ‌ সব কথা চন্দ্ৰা সখী মুখে।”
 উত্তৰিলা দেবশ্ৰেষ্ঠ লজ্জিত বদনে,
“যি কহিলা সত্য, সতি চাৰু চন্দ্ৰাননি।
নুবুয়ায় হেন কাৰ্য্য দেবৰ। উপায়
নাই কিন্তু; দৈববলে বলী লঙ্কেশ্বৰ;
হীনবল দেবদল দুৰভাগ্যক্ৰমে।
সি যি হোক সুলোচনে! বিমৰ্ষতা এৰি
প্ৰফুল্ল-বদনা হোৱা; জানিবা নিশ্চয়
ইন্দ্ৰৰ ইন্দ্ৰত্ব তব প্ৰফুল্ল বদনে,
—যায়ো যদি সুৰপুৰ সুৰ-ৰিপু হাতে—।
তৰ বলে বলী ইন্দ্ৰ; ৰজ্জুবলে বলী
চিলা যথা। ৰজ্জু বিনে উড়ে কি কদাচ
শূন্যে চিলা? তুমি সূত্ৰ হুইলে দুৰ্ব্বল,
(মলিন আননে তব হীনবল আমি),
পড়িবোঁ‌ খসিয়া ৰক্ষ-প্ৰলয় বতাসে।
তুমি কমলিনী, সতি, মুদিলে নয়ন
বিমৰষে; মধুৰস বিনে মধুজীবী
মধুপ কি গতি তবে? দেখোৱা সুহালি
সুবদনে, সুৰদনি। বচোৱা সুৰেশে।"