পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
সীতাহৰণ-কাব্য

পেলোৱা চামৰ। আমি নোহোঁ সি ইন্দ্ৰাণী;
ৰাৱণ কৰিছে পণ, দু এদিন পাছে
নিব স্বৰ্গ হন্তে মোক স্বৰ্ণ লঙ্কাধামে
দাসী কৰি। হাতে ধৰি চামৰ আপুনি
ব্যজনিবোঁ লঙ্কেশ্বৰী দানব-নন্দিনী।
ভাগ্যবতী ময়-সুতা; মহেন্দ্ৰ-মহিষী
হব দাসী পদে যাৰ, আজ্ঞা অনুপালি
সতত। সখি হে, কোৱা, কি ফল বতাসি
আজি তাক, হব যোন কালি পৰ দাসী।”
 “কি কাৰণে অমঙ্গল,” কহিলা বিমলা,
(বিমল বৰণী ধনী, বিমল হাসিনী)
চামৰিণী, “ভাবা মনে, সুৰেন্দ্ৰ-ৰঞ্জিনি?
শত্ৰুৰ হীনাৰ্থ বাক্যে কিয় চিন্তাকুলা?
শত্ৰুৰ সদস্ত বাক্য আছয় সতত
বিপক্ষৰ প্ৰতি, সতি! সি বুলি কি কভু ,
হোৱে দম্ভ সিদ্ধ তাৰ? অলীক ভাবনা
অযোগ্য স্বপ্নতো ভাবা; এৰা চিন্তা মনে;
মনকষ্ট হয়, দেবী, তোমাৰ বচনে।”
 ইন্দ্ৰাণী-মালিনী চন্দ্ৰবালা নিতম্বিনী
উত্তৰিলা, “চন্দ্ৰাননি! দুৰ্জ্জয় দানৰ
স্বৰ্গজয়ী, গল ক’ত ভাবি দেখা মনে।
ৰাক্ষস প্ৰবল আজি; হীনবল কালি