পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সীতাহৰণ-কাব্য
 

শত নিৰ্ঝৰিণী গিৰি স্ববক্ষ বিদাৰি
দিছে বহির্গত কৰি; কল কল স্বৰে
চলিছে সলিল-স্রোত শিলাৰাশি মাজে
ধৰি দুগ্ধনিভ বর্ণ ঠেকিছে যি স্থলে।
কি মতে বর্ণিবোঁ শােভা? যি জন ভ্রমিছে
পর্ব্বতে, বুজে সি মাত্র কি শােভা সুন্দৰ।
হায়ৰে লেখনি মােৰ, শিখৰে শিখৰে,
গিৰি পদতলে, ঘােৰ কন্দৰে, কাননে,
ভ্ৰমিলি অভাগা সঙ্গে, কত কত বাৰ ;
দেখিলি স্বচক্ষে শােভা; কিয় অপাৰগ
বর্ণিবে দেখিলি যেহি ? বুজিছোঁ কাৰণ,
নাই বল দেহে, মন কি হব থাকিলে।
 জানিয়া প্রভাত নিশি, সজীব জগৎ।
বৃক্ষে বৃক্ষে তৃণে তৃণে সুমন্দ শ্বসন
স্বনিলা; কৰিলা বনদেবীক ব্যজন।
ফুটিলা অসংখ্য ফুল, বনৰত্নাবলী;
সম্ভাষিলা ঘ্রাণেন্দ্রিয় প্ৰদানি সুঘ্রাণ,
ৰঞ্জিলা নয়ন ৰূপে। নিকুঞ্জে নিকুঞ্জে,
নিন্দিয়া মানবকৃত বাদ্যযন্ত্র স্বৰ,
গাইলা বিহগগণ। হৰিণ হৰিণী
লম্ফে জম্ফে বন মাজে কৰিলা ভ্রমণ।


 নিভ-সদৃশ। শ্বসন—বায়ু। নিন্দিয়া-তুচ্ছ কৰি।