পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
ষষ্ঠ সৰ্গ

 উত্তৰিলা বীণাপাণি নাৰদ, “উপায়
নাহি অন্য শূৰশ্ৰেষ্ঠ। পঠোৱা সত্বৰে
অনুৰোধি মায়াদেবী দণ্ডক কাননে
মাৰীচ সহায় হেতু; তাৰ দেহে দেবী
হোক অধিষ্ঠিত গৈয়া; উদ্দেশ্য উদ্ধাৰ
কৰোক, মাৰীচে কৰি মায়া বুদ্ধি দান।”
 মুনি বাক্য শুনি পাছে দেবকুল-নিধি
কহিলা, “দেবৰ্ষি! আমি যত দেবগণ
পৰাস্ত ৰাক্ষস ৰণে। পিতা পুত্ৰ দুই
ৰাৱণ ৰাৱশি, যেন দুগোট কেশৰী
ভীমবল, ত্ৰিভুবন তৃণতুল্য গণে।
পাৰিব কি ৰাজপুত্ৰ ৰঘুকুলমণি,
——কোমলাঙ্গ শিশু সম——,ৰাক্ষস-সংগ্ৰামে?
ভ্ৰূভঙ্গ দেখিয়া যাৰ, মতিভঙ্গ হোৱে
ৰণে মোৰ; যাৰ বিংশ লোচন ঘূৰ্ণনে
সক্ৰোধ, ডৰাওঁ মই সহস্ৰ লোচন;
দপ্ত কড়মড়ি দৰ্শি দশাস্যে যাহাৰ
কঁপে হৃদিস্থল মোৰ——বজ্ৰধাৰী আমি——,
ইহেন বিষম যম সম ভয়ঙ্কৰ
কুড়িকৰ ৰণে স্থিৰ হব ৰঘুপতি,
সন্দেহ দাসৰ অতি। নামানিছে মন
ৰামৰ পাৰগ শূৰ কাৰণ নিধনে।"