এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
সীতাহৰণ-কাব্য।
দেখিয়া পাবক-শিখা পতঙ্গম যথা
মোহিত; মোহিত তথা অগিৰ-অধিপ
অগ্নি-শিখা সীতাৰূপে; পতঙ্গ সদৃশ,
হব ভস্ম তাৰ তেজে, মুগ্ধ যাৰ ৰূপে।
পৰ্শি সীতা পাপ মনে হীনায়ু ৰাৱণ
হইব। মাৰীচে কৰি সঙ্গে ৰক্ষোবৰ
চলিছে, মন্ত্ৰণা কৰি,——মায়ায় মাৰীচ
ছলিব লক্ষণ ৰামে; এই অৱসৰে
ৰাৱণ হৰিব সীতা পাই শূন্য ঘৰে-—।
এহি যুক্তি স্থিৰিয়াছে; কিন্তু কিঁ কৌশলে
ছবি দুভায়ে, তাক তাড়কা-তনয়।
না পাইছে ভাবি। ৰক্ষোমায়াজাল যদি
ব্যৰ্থ হোৱে; নুহুইব মৈথিলী হৰণ;
নুহুইব ৰক্ষশূৰ বিংশাক্ষ বিলয়।
কুহক-নিপুণ বুলি মাৰীচে আশ্ৰয়
কৰিছে কৰ্ব্বুৰনাথ; কিন্তু কি শকতি
মাৰীচৰ; ভুলাইবে ৰাক্ষস-মায়ায়
মায়াভেদী ৰাঘবেন্দ্ৰ বিচক্ষণ অতি?”
“তেন্তে কি উপায় প্ৰভু সুধিলা সুবেশ,
“কি উপায়ে হব সীতা হৰণ সাধন,
——নিৰ্ভৰিছে যাত অমৰাৰিৰ মৰণ——?
অগিৰ-অধিপ-ৰাক্ষসৰ কৰ্ত্তা অৰ্থাৎ ৰাৱণ।