পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
ষষ্ঠ সৰ্গ
 

বিবুদ্ধি বিবুধদল। দেখিও স্বচক্ষে,
মৰুৎ মলিন মুখ, নীৰদ নীৰব,
দিনমণি দীন প্ৰায়, অনল সমল,
মৃত্যুপতি মৃত যেন, বিষণ্ণ বৰুণ;
বজ্ৰপাণি ইন্দ্ৰ আমি মেঘনাদ জিত,
নিন্দিত জীৱন ধৰি বহিছোঁ ত্ৰিদিবে।
কৰিয়াছে আৰু পণ দুৰ্ম্মতি ৰাৱণ,
আমি ইন্দ্ৰ, ৰাণী মম কৰিব কিঙ্কৰী
লঙ্কাপুৰে; বাক্যে তাৰ ফাটি যায় হৃদি।”
এত কহি হুমুনিয়া এৰিলা বাসব,
নীৰবিলা কৰতলে কপোল বিশ্ৰামি।
 “নকৰিবা শোক শত্ৰু!” কহিলা নাৰদ,
“সদা একৰূপে দিন নাযায় কাহাৰো,
বিধাতাৰ বিধি ইটো। নিশা পাছে দিন,
দিবসান্তে আসে নিশা; প্ৰচণ্ড মাৰ্ত্তণ্ড
শক্তিমন্দ শীতে, গ্ৰীষ্মে শক্তিমন্ত হোৱে;
পূৰ্ণচন্দ্ৰ হ্ৰাস হই ক্ৰমে পায় লয়,
অমাবস্যা চন্দ্ৰ পুনঃ পূৰ্ণ মুৰ্ত্তি লভে।
সদা সদাগতি ভাগ্যে দুৰ্গন্ধ-যাতনা
নঘটে; নঘটে কিম্বা পুষ্প পৰিমল


 বিবুধ—দেবতা। কপোল—গাল। শত্ৰু—ইন্দ্ৰ। শক্তিমন্দ— তেজহীন। শক্তিমন্ত—তেজযুক্ত। সদাগতি—বায়ু।