পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
সীতাহৰণ-কাব্য
 

হৰিগুণ-গীত মুখে; সম্মান কৰিয়া
দণ্ডাইলা দেৱগণ। আসন দানিলা
সম্ৰমে পৌলোমীৰম; কৰষোৰ কৰি
কহিলা, “পবিত্ৰ প্ৰভু সুৰপুৰ আজি
তব শুভ আগমনে; পদ-অব্জ-ৰজ
কৰিলেক শুদ্ধ এই দৰ্ব্ব-বিদলিত
কলুষিত নাকপুৰী নৰক সমান।
কি হেতু বা আগমন হুয়াছে ই স্থানে।
কহিলে আমাক, হওঁ কৃতাৰ্থ, দেবৰ্ষি!”
 উত্তৰিলা তপোধন, “দেব দুঃখে দুঃখী
আমি সদা; তুমি সবে আসিলো দেখিবে
শুনিলো, দেবেন্দ্ৰ, পুনঃ গৰ্জ্জিছে ৰাৱণ
দণ্ডিবে দেবতা বৃন্দে।” কহিলা বাসব,
“কি কবোঁ লাঞ্ছনা প্ৰভু! ইন্দ্ৰৰ ইন্দ্ৰত্ব,
পদ্মপত্ৰে পয়ঃ হেন, কৰিলা অস্থিৰ
বিধাতা। প্ৰতিজ্ঞা আজি কৰিছে ৰাৱণ
সুৰত্ৰাস, সুৰপুৰী বলে নিব কাঢ়ি
ৰথৰ কঙ্গাল কৰি যত দেবদলে।
অমৰ-অদৃষ্ট এই! দেখা দেবগণ,
হে দেব, অদেব প্ৰায়, নিষ্প্ৰভ মূৰতি;


 দৰ্ব্ব—ৰাক্ষস। নাকপুৰী—স্বৰ্গপুৰী। পয়ঃ—জল।