পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
ষষ্ঠ সৰ্গ।
 

চলিলা খেদিয়া যেন মহিষ-মৰ্দ্দিনী।
ৰক্ষোবীৰ বাণাঘাতে আহত হুইয়া।
পলালা বাহন; তেও প্ৰকাশি বিক্ৰম
শৃঙ্গে বিদাৰিয়া গৈলা নিশাচৰ চমু
সম্মুখে পাইলা যত। সম্মুখিলো ৰণে
তব মুক্তি বাঞ্ছি আমি; প্ৰবল প্ৰতাপে
বহিলোঁ আলোড়ি বিশ্ব; বৃক্ষ গিৰিচূড়া
পড়িল ভাঙ্গিয়া কত; দিক দিগন্তৰ
ধূলাময় অন্ধকাৰ; ৰাক্ষস কটক
ছিন্ন ভিন্ন উড়ি গল; হাহাকাৰ ধ্বনি
উঠিল সমৰ ক্ষেত্ৰে। ঘূৰ্ণিত বতাসে
আগুলিলোঁ ৰিপু যান; জলচক্ৰ যথা
ঘূৰিল শূন্যত ৰথ; ব্যস্ত ৰক্ষোৰখী।
কিন্তু কি সুদক্ষ ৰণে বিংশাক্ষ কোঙৰ!
কৰিলা (অচল যেন) অচল স্যন্দন
স্থিৰ বাণে ক্ষণে বীৰ; এৰি শত বাণ
জৰ্জ্জৰিলা দেহ মোৰ; ৰণে ভঙ্গ দিলো।”
 হেনকালে গীত ধ্বনি বীণাধ্বনি সহ
অদূৰে, ধ্বনিলা আসি সবাৰো শ্ৰৱণে।
প্ৰবেশিলা দেব সভা দেবৰ্ষি নাৰদ,


 কৰিলা (অচল যেন) অচল স্যন্দন—প্ৰথম ‘অচল’ অৰে পৰ্ব্বত, দ্বিতীয় অচল অৰ্থে চলনহীন।