পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
সীতাহৰণ-কাব্য

ক্ষণেকে পৰাস্ত হলো; ফুটিল শৰীৰে
বিষময় শৰগণ প্ৰতি লোমকূপে।
পলাইলো উৰ্দ্ধশ্বাসে, লুকাইলোঁ গৈয়া
হিমাদ্ৰি কন্দৰে; তথা উত্তাপত মোৰ
সঞ্চিত তুষাৰ ৰাশি অনন্ত কালৰ
পমিয়া চলিলা বেগে নদৰূপ ধৰি
ব্ৰহ্মপুত্ৰ সিন্ধুনামে, সিন্ধুৰ সন্নিধি;
অজীৱন সিন্ধু পুনঃ পাইলা জীৱন।
সপ্ত দিন অচেতন অচল গহ্বৰে।
আছিলোঁ যন্ত্ৰণা ভোগি; আছিল জগৎ
সপ্তদিন অন্ধকাৰ মোৰ অনুদয়ে।”
 এতেক কহিলা যদি দেব অংশুমালী
আৰম্ভিলা মৃত্যুপতি বিষাদিত মনে,
“কি কবোঁ দুঃখৰ কথা! সি দিনৰ ৰণে
হলোঁ উপস্থিত যৱে আমি, দেবপতি!
সাহসে কৰিয়া ভৰ; লঙ্কেশ নন্দন
নিন্দিয়া নীৰদ-নাদ নাদিলা প্ৰকোপে।
চমকিল হৃদিস্হল ভৈৰৱ হুঙ্কাৰে,
হস্ত হস্তে দণ্ড খসি পড়িল ভূতলে।
মোৰ ই অৱস্থা দেখি দেবাৰি-বদনে


‘আজীৱন সিন্ধু পুনঃ পাইলা জীৱন’-জলশূন্য সাগৰে পুনৰ জল পালে।