পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
সীতাহৰণ-কাব্য
 

পৰস্ত্ৰী হৰণ হেতু যায় ৰক্ষোমণি
নাজানিলোঁ আগে; হায় জানিলে ই কথা,
নিবাৰিলোঁ হন্তে হেন পাপ কৰ্ম্ম থাকি
ধৰি পদ যুগে; নতু স্মৰণ কৰাই
দিলোঁ হয় অভিশাপ। হায় প্ৰাণনাথ
পাসৰিলা কিবা জানি ভাতিজাৰ শাপ।
হা বিধাতা! তব পদে মিনতি দাসীৰ
দিয়া পতি দান প্ৰভু! মহামতি যেন
নোহে ভ্ৰম-মতি। দেব, কৰিও কৰুণা;
ময়-সুতা দয়াময় প্ৰাৰ্থয় আতুৰে।”
অতি ত্ৰস্তে অশ্ৰুনেত্ৰে লঙ্কেশ-মহিষী
মহেশী-মন্দিৰে গলা; পতিৰ মঙ্গল
বাঞ্ছি, আৰাধিলা সতী সতী-পদাম্বুজে।


 ময়-সূতা—ময়দানবৰ কন্যা, মন্দোদৰী। আতুৰে—আতুৰ হই; ব্যাকুল হই। 'সতী সতী-পদাম্বুজে’—প্ৰথম ‘সতী’ মন্দোদৰীক বুজাইছে, আৰু দ্বিতীয় 'সতী’ শিবপত্নী সতীক বুজাইছে।