পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
পঞ্চম সৰ্গ
 

কিবা জানি ৰঙ্গদৃষ্টি কৰিলা অনঙ্গ
যি মুহূৰ্ত্তে প্ৰসবিলা ৰাজাক শাশুড়ী।
যুবত তনয়গণ; বাৰ্দ্ধক্য বয়সী
ৰক্ষোৰাজ, তেও লাজ নাভাবিলে মনে।
কি কব শুনিলে মেঘনাদ বীৰবাহু
অতিকায় আদি পুত্ৰ; কি বুলিব শুনি
কুম্ভকৰ্ণ, বিভীষণ ধৰ্ম্মিষ্ঠ দেৱৰে!
কি কহিব ত্ৰিজগতে হেন পাপাচাৰে।”
 ভাবোঁতে ইৰূপে মনে, স্মৰিলা হঠাৎ
চাৰুনেত্ৰী লঙ্কা-ভৰ্ত্ৰী, যেহি অভিশাপ
কুবেৰ-নন্দন দিলা, উপপত্নী তাৰ
ৰম্ভাবতী অস্পৰীক যৱে দশানন।
কৰিছিলা পথে বল। সি কথা স্মৰণে
আতঙ্কিত হলা ৰাণী; হিয়া মাজে ঘন
আঘাতিলে হৃদ-জেঠী। ব্যথিত অন্তৰে
বিমষে গুণিলা পুনঃ ৰাৱণ-ৰমণী,
“হায়, কি ঘটনা আজি ঘটয় অদৃষ্টে,
জীৱন মৰণ কিম্বা। চমকিছে প্ৰাণ।
কামাকুল পতি যদি কৰে বলাৎকাৰ
জানকীক; আছে নল কুবেৰৰ শাপ,
ঘটিবেক বলাৎকাৰ ৰমণে মৰণ।


 কুবেৰ-নন্দন—নল কুবেৰ; সম্বন্ধে ৰাৱণৰ ভাতিজা হয।