পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
সীতাহৰণ-কাব্য
 

কি কুক্ষণে কুলক্ষ্মিণী ধৰিলা গৰভে!
ইহেন দ্বন্দুৰী নেদেখিলোঁ ভূমণ্ডলে;
বিবাদিলা মোৰ সহ, চিত্ৰাঙ্গদা সহ,
সৰমা প্ৰমীলা সহ, নিজ মাতৃ সহ,
কৰিলা কন্দল চণ্ডা যাৰ তাৰ সঙ্গে
লঙ্কাধামে। অৱশেষে দুৰ্ম্মুখৰ গুণে
দুৰ্ম্মুখী এৰিয়া লঙ্কা চলিলা দণ্ডকে।
বনে গই নাম আৰু চৰালে পাপিনী;
হেৰুয়ালে নাক কাণ; কৰ্ম্মোচিত ফল
দিলে ধাতা। দুঃখ কিন্তু, নষ্টাৰ কাৰণে
ৰক্ষোবল নষ্ট বনে। এবে কলঙ্কিনী
লঙ্কা আসি, লঙ্কানাথে ভুলালে কহিয়া
সীতা ৰূপ। ৰূপ-মুগ্ধ কাম-দাস ৰাজা
পৰ-স্ত্ৰী হৰিবে গলা উন্মত্ত অন্তৰে।
উম্মদ ৰমণী নামে প্ৰমত্ত মাতঙ্গ
অতৃপ্ত হুতাশ হেন, (হুতাশন যথা),
নেদেখিলোঁ নুশুনিলো ই মহীমণ্ডলে।
শুনিছোঁ জনম কালে গ্ৰহ দৃষ্টি মতে
লভে ফলাফল প্ৰাণী; গ্ৰহৰূপ ধৰি।


 চিত্ৰাঙ্গদা—বীৰবাহুৰ মাক, ৰাৱণৰ স্ত্ৰী। 'উন্মদ ৰমণী নামে.....ই মহীমণ্ডলে’—অগ্নিৰ দৰে অতৃপ্ত, হতাশ ৰমণীৰ নাম শুনিলে পগলা এনে প্ৰমত্ত হাতী এই পৃথিবীত নেদেখিলোঁ নুশুনিলোঁ।