পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
চতুৰ্থ সৰ্গ।

নসম্ভবে কদাচিত এই গিৰি শিৰে।
কিন্তু ভাবি দেখা মনে, তুমি বিজ্ঞজন,
ধনুব্বিদ্যা-অনভিজ্ঞ, অবিজ্ঞ প্ৰয়োগে
বাণৰ,—বানৰ হেন বালি বীৰবৰ—,
বৃক্ষ শিলা সাৰ মাত্ৰ; তথাপি টুটিল
তব বিংশ ভুজে বল, তাহাৰ সমীপে;
পাইল অশেষ ক্লেশ লেজৰ বন্ধনে।
ৰণ-বিদ্যা বিশাৰদ, সমৰ-কুশল
কৌশল্যা কুমাৰ সহ কৰিয়া বিবাদ,
—হৰিয়া বৈদেহী সতী—, তাৰ কোপানলে
কিমতে তৰিবা? মহী গৰ্ভে অহিবৎ
লুকালেও নাই ত্ৰাণ। কি কবোঁ অধিক;
ভাবি চোৱা, বীৰমণি, বিজ্ঞতম তুমি।”
 আকৰ্ণি মাৰীচ বাণী কহিলা ৰাৱণ,
“তাৰাপতি-চন্দ্ৰ সম, বালি তাৰা পতি
দীপ্তিমান কপিকুলে। মহা বলীয়ান,
পাৰে উপাৰিবে বীৰ বলে হিমগিৰি।
নকৰিলোঁ হন্তে ভয় তথাপি তাহাক,
নাথাকিলে লেজ তাৰ; পাশীপাশ সম
নেঙ্গুৰ-বন্ধন ডৰোঁ, নড়ৰোঁ তাহাক।


 অনভিজ্ঞ—মুৰ্খ। অবিজ্ঞ—নজনা। প্ৰয়োগ—ব্যবহাৰ। অবিজ্ঞ প্ৰয়োগে বাণৰ—বাণৰ ব্যৱহাৰ নজনা। বিশাৰদ—নিপুণ।