মৃদু বাক্যে, “কোৱা, পাত্ৰ! কিৰূপ কৌশলে
লভিবোঁ কৌশল্যা-বধূ, কৌশল্যা-আত্মজ
শূৰে ভাণ্ডি। লভিবে সি দুৰলভ নিধি
উত্ৰাৱল মন মোৰ—যাহাৰ আশায়
আমি আদি কত ভূপ মিথিলা নগৰে
গলোঁ সয়ম্বৰে; কিন্তু ব্যৰ্থ মনোৰথ—।
নহল শকতি ভাঙ্গি আশুতোষ-আস
লভিবে যাহাক; আজি তোমাৰ সহায়ে
ফাঁন্দ পাতি ধৰো সেহি বিহগী-ৰতনে;
কহিও কুহক কিবা আলোচিছা মনে।
যদি লাভ হোৱে সীতা; শীতল মূৰতি
অশীতল হৃদে ধৰি শীতলিবে যদি
পাৰোঁ তব মন্ত্ৰবলে,—সুদীৰ্ঘ বাঞ্ছিত
নব অৰ্দ্ধাঙ্গিনী লাভে—তোমাক নিশ্চয়
পুৰস্কাৰ দিবোঁ ৰাজ্য অৰ্দ্ধেক অক্লেশে।”
কহিলা তাপস ৰক্ষ ৰক্ষকুলেশ্বৰে
সবিনয়ে, “ত্ৰিনয়ন ত্ৰিনয়ন-প্ৰিয়া
প্ৰীত প্ৰীতা যাৰ প্ৰতি, ত্ৰিলোক-বিজয়ী
লঙ্কা অধীশ্বৰ তুমি; কি অসাধ্য তব?
পুৰস্কাৰ দিবা ৰাজ্য অৰ্দ্ধেক অক্লেশে
--- কৌশল্যা-বনু—কৌশল্যাৰ বোৱাৰী, অৰ্থাৎ সীতা। আস—ধনু। শীতল মূৰতি—সীতাক বুজাইছে। অৰ্দ্ধাঙ্গিনী—পত্নী।