পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
চতুৰ্থ সৰ্গ
 

ব্যৰ্থিব আমাৰ মায়া, অন্তিব পৰাণ।
মৰণ ধুৰুব আজি; বিকট দৰ্শন
নিকটি, নিয়তি যেন বদন মেলিছে
মোৰ হেতু। হায়, আজি মায়াবী মাৰিচে
মাৰিবে কৰিলা বিধি বিষম বিধান।”
 ভাবিয়া ইৰূপে ৰক্ষ, বিষাদে নিশ্বাসি,
আশ্বাসিলা আপোনাক, “অৱশ্য মৰণ
আছয় জনম পাছে, অজি নতু কালি।
দুদিনৰ আগ পাছে কি লাভ? কি ফল
ডৰি তাক, নাহি যাৰ একান্ত এৰণ?
সংসাৰত ভোগ ইচ্ছা, যত দিন জীয়া,
বাঢ়ি যায়, নাহে টুটি; তাৰ লগে লগে
অনুদিন পাপ বৃদ্ধি। ই পাপ দেহৰ
পতন কুশল শীঘ্ৰ। কিন্তু কাৰ হাতে?
ৰাম, কি ৰাৱণ? ইটো মীমাংসা কঠিন;
লঙ্ঘিবো ৰাজাজ্ঞা, কিম্বা দ্বেষিবোঁ শ্ৰীৰামে?
যাৰ পক্ষাড়ালে থাকি দেব দৈত্য নৰে
নডৰিলোঁ; চিৰকাল যাহাৰ আশ্ৰয়ে
কটালোঁ আনন্দে; হেন ৰাজাৰ আদেশ
নাপালিলে অকৃতজ্ঞ বুলিব জগতে।


 ধুৰুব—ধ্ৰুব, নিশ্চয়। “পতন কুশল শীঘ্ৰ’—শীঘ্ৰ পতনেই মঙ্গল কৰ। দ্বেষিবোঁ—হিংসা কৰিম।