পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
চতুৰ্থ সৰ্গ
 

মন্দ মন্দ হাসি সুন্দ-নন্দন সনম্ৰে
কহিলা, “ৰাক্ষস-মায়া নাখাটে বীৰেন্দ্ৰ!
ৰাম পাশে; মায়াভেদী ৰাঘব-লোচন
ভেদিব আমাৰ মায়া; হুইব বিফল
সব বুদ্ধি; ফল মাত্ৰ হেৰুয়াবোঁ প্ৰাণ।
বিষ্ণু অংশ ৰাম; সীতা লক্ষী স্বৰূপিনী
অযোনি-সম্ভবা; শক্তিমন্ত্ৰে শক্তি মিল
পাত্ৰোচিতা পাত্ৰী, যথা বাৰিদে বিদুলী,
পৰশিলে অন্যে কিন্তু মৰণ নিশ্চয়।
হৰিলে মৈথিলী, শূৰ, নাই পৰিত্ৰাণ!
ৰজত প্ৰাচীৰ নিভ অম্বুধি বেষ্টন,
—কৰা যাৰ গৰ্ব্ব—, বীৰ হুইব নীৰম্বু
ৰামৰ শোষক বাণে। ৰঘুকুল পতি
হুই পাৰ শুষ্ক সিন্ধু কৰিব নিৰ্ম্মূল
মূলে কীলালপ-কুল; ৰুধিবে ৰঞ্জিত
হুইব কনক লঙ্কা; জানিবা নিশ্চয়
কৰ্ব্বুৰ গৌৰব-ৰবি ডুবিব সাগৰে।”
 কুপিলা ৰাৱণ শুনি অমঙ্গল বাণী
ৰক্ষোমুখে, “বাৰম্বাৰ শত্ৰুৰ বড়াই,”
কহিলা, কৰিছ তই, ৰক্ষকুলাধম!
তুচ্ছ জ্ঞান কৰ মোক, ৰট অমঙ্গল?”


 সুন্দ-নন্দন—মাৰীচ। কীলালপ—ৰাক্ষস।