পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
সীতাহৰণ-কাব্য
 

নিৰখি মাৰীচ মুখ, ক্ষণক ভাবিয়া,
উত্তৰিলা নৈকষেয়, “নকৰিবোঁ ৰণ
ৰাম সনে, পালি বাক্য তোমাৰ, তাপস!
বিধানিবোঁ প্ৰতিদণ্ড শত্ৰুক তথাপি;
হৰিবোঁ বনিতা তাৰ,—অমূল্য ৰতন—।
মণি বিনে ফণী যথা, জল বিনে মীন,
ৰামৰ সি গতি হোক। মায়া জাল পাতি
ভুলাই ৰাঘব দ্বয় নিবা তুমি দূৰি।
গৃহ হন্তে; অৱসৰে হৰিয়া জানকী
তুলি ৰথে শূন্যপথে পলাবোঁ সত্বৰে
নিষ্কণ্টকে। কৰা তুমি উপায় ইয়াৰ।
নাজানিব ৰক্ষ-শত্ৰু নিলে কোনে সীতা;
ভাবিব শাৰ্দ্দূল নতু অন্য হিংস্ৰ প্ৰাণী
কৰিলে ভক্ষণ বনে। জানিলেবা শেষে,
কি কৰিব ৰামে! ৰবোঁ সিন্ধুৰ সিপাৰে।
অলঙ্ঘ্য অৰ্ণব লঙ্ঘি কি শক্তি নৰৰ
হব পাৰ লঙ্কাপুৰে? উদধি ইপাৰে,
(প্ৰাচীৰ বাহিৰে যথা ভীষণ ভল্লুক
হীনবল), নিবাৰিত ৰহিব ৰাঘব;
হইব ৰোদনে সাৰ বৈদেহী বিহনে।”
 মন্দোদৰী-মনমথ-বচন শুনিয়া


 মন্দোদৰী-মনমথ—মন্দোদৰীৰ পতি অৰ্থাৎ ৰাৱণ।