পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সীতাহৰণ-কাব্য
 

সূত্ৰপাত, শূৰ্পনখা, উচ্ছেদিবে কুল।
উদধি-উৰস-নিধি স্বৰ্ণ লঙ্কাধামে।”
 কৰ্ব্বুৰ-প্ৰবীণ যদি দিলা প্ৰকাশিয়া
ৰহস্য ঘটনা,—যিটো কৰিয়া গোপন
ৰাখিছিলা নিশাচৰী—,হুইলা বিষণ্ণ
বিংশভুজ। ভুজঙ্গিনী যথা নতশিৰা
ঔষধ আঘ্ৰাণে, তথা হল অধমুখী।
উগ্ৰমুখী শূৰ্পনখী সলজ্জ অন্তৰে।
আৰম্ভিলা পুনঃ পাছে ৰাক্ষস-তাপস
চাই ৰক্ষোনাথ মুখ, “ত্ৰিদিব-বিজয়ি!
কৰোঁ নিবেদন দাসে, সম্বৰা বিবাদ
শূৰ ৰাঘবেন্দ্ৰ সহ। প্ৰহস্ত সহিত,
—পৰে কি নপৰে মনে—,গৈছিলা মিথিলা
লভিবে মৈথিলী, ভঞ্জি শিব শৰাসন।
স্বয়ম্বৰে। যেহি ধনু তুলিবে টুটিল
বল তব বিংশ ভুজে, বিংশতি-লোচন!
ভীম ভুজবলে সেহি ধূৰ্জ্জটি-ধনুক।
ভাঙ্গিলা ধানুকী ৰাম অবলীলাক্ৰমে।
পৰশু ধৰিয়া কৰে নিক্ষত্ৰিলা ক্ষিতি
প্ৰচণ্ড পৰশুৰাম, তিনি সপ্ত বাৰ;


 উদধি-উৰস-নিধি—সমুদ্ৰৰ বক্ষৰত্ন। ধূৰ্জ্জটি—শিব। নিক্ষত্ৰিলা— ক্ষত্ৰিয়হীন কৰিলা।