এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চাওঁ মুখলই একেথৰ হই;
মাত-বোল নাই, আছোঁ মাথোঁ চাই;
দেখিছিলোঁ সুন্দৰীক ক’বাত কিজানি!
লাগিছে চিনাকি যেন দেখোন মু’খনি!
মনোভাৱ জানি, লাহেকৈ কামিনী
বুলিলে বচনি, মৃদু-মধু ধ্বনিঃ—
“তৱ প্ৰেম-ভিখাৰিণী ছিলোঁ একালত ।
প্ৰত্যাখ্যান কৰিছিল, পৰে নে মনত? ”
পূৰ্ব্ব বিবৰণ কৰি সোৱঁৰণ,
লাজত মগন হলোঁ তেতিক্ষণ;
মনোভাৱ বুজি মোৰ বুলিলে সুন্দৰী,
মধুৰ বচন মিচিকীয়া হাঁহি মাৰিঃ—
নোপোৱাঁ হে ব্যথা, এৰাঁ পূৰ্ব্ব কথা;
নাভাবাঁ অযথা পৃথিবীৰ প্ৰথা;
জগতক দেখুৱালোঁ ওখ পাটোৱান ।
সতীত্ব-গুণেৰে পাওঁ এই মহাথান ।