এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৰণ-দুৱাৰ এৰিলো ইবাৰ
নাই অন্ধকাৰ, পোহৰ অপাৰ;
গই গই পালোঁ এটি বিশ্ৰাম-ভৱন
বহিলোঁ ঠাইতে পাই এখনি আসন।
অকলশৰীয়া, লাগে বৰ বেয়া
নাই লগৰীয়া, ভাবোঁ এয়া-সেয়া;
পতা নাই কথা মই আজি বহু পৰ।
পাম নে লগৰী কোনো বাটৰ লগৰ?
দীৰ্ঘ-আয়তনা, আতি সুলোচনা
এনেতে এজনা উপস্থিত কন্যা;
হব পায় এওঁ কোনো স্বৰ্গ-অপেচৰী।
আহিছে হবলৈ মোৰ বাটৰ লগৰী।
“আহিছা নো কোন্, যেনে কেঁচা সোণ,
ধৰি কত ধুন, বুজাই আপোন?
মনে মনে থাকি মই বৰ বেয়া পাওঁ।
আহাঁ দুয়ো কথা পাতি ভাগৰ গুচাওঁ।”