এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সিপুৰীৰ বাতৰি
“একো একো জন গৰ্ব্বিত নন্দন,
স্বৰ্ণ-সিংহাসন ধিক্কাৰে সঘন ;
দম্ভ বুজাবলৈ কোনো লগৰীয়া নাই ।
মদান্ধ নৰৰ জানা এয়েই বিলাই ।
“ক্ৰমে ভাবি চায়, দম্ভ আঁতৰায়,
মূৰাটি দোঁৱায়, কৰি হাঁয় হাঁয় ;
এইৰূপে প্ৰবৃত্তিৰ হয় নিৰ্ব্বাপন ৷
ইদৰে শোধিত হয় মদমত্ত জন ।
“সউ চোৱাঁ গড়, মাৎসৰ্য্যৰ ঘৰ,
যত নাৰী নৰ পৰশ্ৰী-কাতৰ ;
পৰশ্ৰী নিৰখি যতমানে শোক পায়,
পৰৰ ঐশ্বৰ্য্য তত গুণে বাঢ়ি যায় ।
“ইদৰে প্ৰবৃত্তি ক্ৰমে যায় টুটি ;
নৰ লটি-ঘটি, নিৰাশ সম্প্ৰতি ;
নৰৰ ইৰূপে হয় প্ৰবৃত্তি-শোধন ।
দয়াময় ঈশ্বৰৰ বিচিত্ৰ শাসন !”