এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
সিপুৰীৰ বাতৰি।
“মোহৰ উদয় যেতিয়াই হয়,
ক্ষণিকে নিশ্চয় পায় জানা ক্ষয়
মোহ-প্ৰবৃত্তিৰ বস্তু অতি মনোহৰ,
মোহ-প্ৰাপ্ত মানৱক কৰি সকাতৰ।
“যেৱে দিন যায়, মোহ নাশ পায়;
এন্ধাৰ পলায়, সু-জ্ঞান ওলায়;
অনুক্ৰমে প্ৰবৃত্তিৰ হয় নিৰ্ব্বাপন।
ইদৰে বিশুদ্ধ হয় মোহী নৰগণ।
“সউ যে পৰ্ব্বত দেখিছা দূৰত,
নৰ সি থানত আছে অৱনত;
পৃথিবীত ইতৰক কৰি তৃণজ্ঞান,
কৰিছিল সকলোকে কত অপমান।
“ইজন অকলে, সিজন অকলে;
গৰালে গৰালে আবদ্ধ নিৰলে;
ওখ আসনত বহি ঐশ্বৰ্য্য-মাজত
ভাবিছেঁ ময়েই দুখী বিশ্ব-ব্ৰহ্মাণ্ডত।