এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8
সিপুৰীৰ বাতৰি
দেহাটি উলাহি, বায়ুত আৰোহি,
গলোঁ পুনু ভাহি, কত নো পালোঁ হি
নগৰ পৰ্ব্বত নদী অৰণ্য বিস্তৰ ।
ফুৰিলোঁ চৌদিশে মই ভাৰতবৰ্ষৰ ।
তাৰ পাচে দেশ ফুৰিলোঁ অশেষ—
ৰীতি, ভাষা, বেশ নিৰখি বিশেষ;
কৰিলোঁ গেটেই মই মহী-পৰ্য্যটন ।
অসম-ভুমিলৈ বাঢ়ে ক্ৰমে আকৰ্ষণ ।
বহু কাল ফুৰি, দেশে দেশে ঘূৰি,
সৰগৰ পুৰী পাবলই উৰি
গলোঁ গৈ মনত কত কথা জাৰি-চালি ।
সিপুৰীৰ নানা দৃশ্য চাবলই বুলি ।
পালোঁ গৈ সিপুৰী; পূৰ্ব্বৰ সুন্দৰী,
পুনু দয়া কৰি, আহিল কাষৰি ।
“তোমালৈ অপেক্ষি আছোঁ, বলাঁ দেখুৱাওঁ
পুৰীৰ বিচিত্ৰ দৃশ্য, নানা আও-ভাও ।