এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭
সিপুৰীৰ বাতৰি
দেখোঁ নাৰীগণ, শিক্ষা-দীক্ষা ছন ;
নাই জাগৰণ, টোপনি-মগন ;
যি দেশত মহিলাৰ শক্তি লুপ্তপ্ৰায়,
পুৰুষৰ শক্তি তাত নোলায় নোলায় ।
আজি হে ধৰণী, অসম-জননী
কৰে আকৰ্ষণী মোৰ ই পৰাণি ;
নিশ্চয় ধৰাত মই উপজিম ঘূৰি—
আহিব পাৰোঁ হে যদি এৰি সূক্ষ্ম পুৰী ।
বায়ুৰ বাহন কৰি আৰোহণ,
উঠিলোঁ গগন, এৰি গিৰি বন ;
কুণ্ডিল নগৰীখনি চালোঁ এটি বাৰ ।
প্ৰণামিলোঁ ভক্তিভাৱে দেবী কামাখ্যাৰ ।
নদী ব্ৰহ্মপুত্ৰ আতিকৈ পবিত্ৰ,
জুৰালোঁ হে নেত্ৰ, চাই তাৰ চিত্ৰ ;
অসম-কোলাত এয়ে স্বৰ্গ-মন্দাকিনী !
ইয়াৰ পানীতে গঁথা পুৰণি কাহিনী !