পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
প্রার্থনা


মঙ্গলময়, মঙ্গলস্বৰূপ, জ্যোতিঃৰূপে প্ৰকাশমান আছে, আপোনাক পূৰ্ণৰূপে বাৰম্বাৰ প্ৰণাম কৰো। হে অন্তৰ্য্য়ামী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃ-স্বৰূপ গুৰু আপুনি জগতৰ মাতা-পিতা গুৰু আত্মা, আপুনি অমৃত স্বৰূপ শান্তিময়। আমি বিষয় ভোগত আসক্ত হৈ আপোনাক পাহৰি আছো। আপুনি যে কি আমি চিনিব বা জানিব নোৱাৰো,কাৰণ আমি নিজে যে কি, আমাৰ স্বৰূপ কি, তাকে আমি নাজানো,আপোনাক কেনেকৈ জানিম বা চিনিম। যদিও আমি আপোনাক পাহৰি আছো তথাপি হে অন্তৰ্য্য়ামী আপুনি নিজ গুণে আমাক নাপাহৰি আমাৰ সকলো অপৰাধ ক্ষমা কৰি, পৰমানন্দে আনন্দৰূপ ৰাখি শান্তি বিধান কৰোক। আপোনাক আমি পূৰ্ণৰূপে বাৰম্বাৰ প্ৰণাম কৰো।
  হে অন্তৰ্য্য়ামী জ্যোতিঃস্বৰূপ আমি যোগ তপস্যা উপাসনা ধ্যান ধাৰণা ভক্তি আৰু শ্ৰদ্ধা একোকে নাজানো, আপোনাকো জানিব বা চিনিব নোৱাৰো, আপুনিয়েই আমাৰ যোগ তপস্যা উপাসনা ধ্যান ধাৰণা ভক্তি আৰু শ্ৰদ্ধা। আমাৰ কি ক্ষমতা আছে যে আমি পুৰুষাকাৰ দ্বাৰাই আপোনাক পাব বা চিনিব পাৰিম।
  হে অন্তয্য়ামী আমি ইচ্ছা কৰো যে ভোক পিয়াহ নালাগক,স্থুল শৰীৰ বা মনত কোনো প্ৰকাৰৰ দুঃখ-কষ্ট নহওক, দিন ৰাতি নহওক, আমাৰ টোপনি অজ্ঞানতা নহক, বাৰিষা, জাৰ, ঘাম নহওক,কিন্তু অন্তৰ্য্য়ামী, আমাৰ ইচ্ছাত একোৱেই নহৈ আপোনাৰ ইচ্ছাত যি সময় যি হবৰ সেয়ে হৈছে। যদি আমাৰ এই বিষয়ত কোনো ক্ষমতা থাকিল হেতেন তেনে অৱশ্যে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰিলো হেতেন। হে অন্তৰ্য্যামী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃ স্বৰূপ গুৰু যদি আমি আগেয়ে,বৰ্ত্তমানে, অথবা আগলৈ জ্ঞান বা অজ্ঞানৰ বশ হৈ কোনো