পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
সাৰনিত্যক্রিয়া


খাৰৰ নিমিত্তে এই সকলক দিছে। সেই দৰে অন্তৰ্যামী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ অগ্নি ব্ৰক্ষ্ম মাতা-পিতাক চৰাচৰ পুত্ৰ কন্যা স্ত্ৰী পুৰুষে শ্ৰদ্ধা ভক্তিৰে আহুতিৰ বস্তু ওঁ মন্ত্ৰ পাঠ কৰি কিম্বা বিনা মন্ত্ৰে তেওঁক আহুতি দিলে তেওঁ গ্ৰহণ কৰিব। কাৰণ তেওঁ চেতনময় সকলো বুজে। সাৰ চেতন শক্তি তুমি চেতন হৈ বুজিব পাৰিছা তেওঁ কি বুজিব নোৱাৰে? আহুতি দিবৰ সময়ত শ্ৰদ্ধা আৰু ভক্তিৰে কব হে অন্তৰ্য্যাশী পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান জগত পিতা মাতা গুৰু আমি আপোনাৰ বস্তু আপোনাক ভক্তি শ্ৰদ্ধাৰে দিছো আপুনি অনুগ্ৰহ কৰি গ্ৰহণ কৰোক। আমি এগছ সামান্য তৃণ পৰ্যন্ত উৎপন্ন কৰিব নোৱাৰে। আমাৰ কি বস্তু আছে। যে আপোক দিম আপুনি হে জগৎ চৰাচৰক নানা প্ৰকাৰ বস্তু দি পালন কৰিছে। হে অন্তৰ্যামী গুৰু মাতা পিতা আপুনি নিজ- গুণে কৃপা কৰি আপোনাৰ বস্তু আপুনি গ্ৰহণ কৰি আমাৰ শান্তি বিধান কৰোক। যজ্ঞাহুতি সমাপ্ত হলে “ওঁ শান্তি” এই মন্ত্ৰ তিনি বাৰ বুলি অলপ জল অৰ্পণ কৰি যজ্ঞ সমাপ্ত কৰিব। তাৰ পাছত নিৰাকাৰ সাকাৰ আৰু অখণ্ডাকাৰে পূৰ্ণপৰব্ৰহ্মক মনে মনে শ্ৰদ্ধা ভক্তিৰে পূৰ্ণৰূপে প্ৰণাম কৰি পৰমানন্দে আনন্দৰূপ থাকিব। ইয়াৰ বাহিৰে আৰু অধিক আড়ম্বৰ আৰু বহুবিধ প্ৰপঞ্চ কৰিবৰ কোনো আৱশ্যক নাই, অগ্নি ব্ৰহ্ম চৈতন্য জ্ঞান স্বৰূপ। তেওঁ ভিতৰৰ আৰু বাহিৰৰ সকলো ভাব গ্ৰহণ কৰে, তেওঁ শান্তিৰূপেই আছে, তোমাৰ মনৰ শান্তি আৰু অপৰাধ ক্ষমা কৰাৰ নিমিত্তে শান্তি প্ৰাৰ্থনা কৰিব।
 জ্ঞানী লোকৰ উচিত যে ক্ষুধাতুৰ জীৱ মাত্ৰক আত্মা আৰু পৰমাত্মাৰ স্বৰূপ জানি অহাৰ আৰু পানী প্ৰদান কৰি সুখে ৰখা