ওঁ বা ওঁ সৎগুৰু এই মন্ত্ৰ সেই শ্বাস প্ৰশ্বাসৰ দ্বাৰা মুখ জপাই জপ কৰিব। এই দৰে এক বা অধিক বাৰ জপ কৰিলে যেনেকৈ শ্বাস ঢুকাই যাব, পুনৰায় ওপৰত কোৱা মতে উশাহ টানি,আৰু পুনৰায় মন্ত্ৰ জপ পূৰ্ব্বৰ দৰে কৰিব। এই দৰে যত বাৰ ইচ্ছা তত বাৰ কৰিব। আৰু যি অৱস্থাতে বা যি ঠাইতে হওক ইচ্ছা হলেই জপ কৰিব। ইয়াৰ নিমিত্তে নিৰ্দিষ্ট প্ৰকাৰৰ আসন বা স্থান ভেদ বা শুচি অশুচি একো নাই। মনে কৰা এজন মানুহ মৃত্যু শয্যাত মলাদিৰ মাজত অৰ্থাৎ অশুচি পদাৰ্থাদিৰ মাজত শুই আছে, সেই আসন্ন মৃত্যু সময়ত সি যি অৱস্থাত আছে শুচি বা অশুচি হওক সেই অৱস্থাত প্ৰেম আৰু ভক্তিৰ বশ হৈ যদি পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ও মন্ত্ৰ জপ কৰিবৰ ইচ্ছা কৰে, আৰু অশুচি বা শয্যাত শোৱা বুলি তাৰ সেইদৰে জপ কৰা নিষিদ্ধ হয়,আৰু যদি সেই দণ্ডত তাৰ মৃত্যু হয়, তেনে সেই লোকৰ প্ৰাণ আনন্দ জ্ঞান স্বৰূপলৈ নগল, সি নিৰানন্দত মৰিব লাগিব,ই কেতিয়াও পূৰ্ণ পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ পৰম ন্যায়বান দয়ালু আৰু আনন্দময়ৰ অনুমোদিত হব নোৱাৰে। কাৰণ অশুচিৰেই হে শুচি হবৰ প্ৰয়োজন। অশুচি অৱস্থাত শ্ৰেষ্ঠ কাৰ্য্য ভগবানৰ নাম ললে শুচি হয়, নতুবা অশুচি অৱস্থাত মনক আৰু অসৎ কাৰ্য্যত নিয়োগ কৰা উচিত নহয়। যেনে ময়লা কাপোৰ ধোৱা উচিত, ইয়াক নুধুই আৰু মলি লগোৱা উচিত নহয়। অতএব বহোঁতে ফুৰোঁতে খাওঁতে যি সময়ত বা যি অৱস্থাতে হওক হৃদয়ত ভক্তি বা প্ৰেম উদয় হলেই পূৰ্ব্বে কোৱা মতে মনে মনে জপ কৰা বিধি। এই বিষয়ত এই দৰে সদুপদেশ সকলোৱে আপোন আপোন পৰিবাৰসকলক দিব।