পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
সাৰমিত্যক্রিয়া


বােধাবেধ কৰিছা। এই মােৰ এই তাৰ আৰু মনত নানা প্রকাৰ সঙ্কল্প বিকল্প উঠিছে । এই মন চন্দ্রমা জ্যোতিঃ পৰ্য্যন্ত ষট্চক্র জানিবা। বিন্দু সূৰ্য্যনাৰায়ণ মস্তকৰ জ্যোতিঃ (জ্ঞান) প্রকাশ হলে অর্থাৎ সহস্র দল পালে মুক্তস্বৰূপ হৈ সমস্ত জগৎ ব্ৰহ্মময় দেখে, তেতিয়া ষট্ চক্র ভেদ হয়, অর্থাৎ অজ্ঞানতা নাথাকে। পঞ্চতত্ত্ব চন্দ্রমা জ্যোতিঃ সৈতে যাক অজ্ঞানত ঈশ্বৰৰ পৰা বেলেগ ষট্চক্ৰ বুলি বোধ হয়, জ্ঞান হলে পঞ্চতত্ব চন্দ্রমা জ্যোতি ব্ৰহ্মৰ পৰা বেলেগ ষট্চক্র বােধ নহয় । কেৱল সর্বশক্তি, মান পূর্ণপৰব্ৰহ্ম প্রত্যক্ষৰূপে বিৰাজমান হয়। এই দৰে বোধ হোৱাকে ষট্চক্র ভেদ জানিবা । মুলাধাৰ চক্ৰ চাৰিদল বিশিষ্ট, ই চাৰি অন্তঃকৰণ যথা-মন, বুদ্ধি, চিত্ত, অহঙ্কাৰ। স্বাধিষ্ঠান চক্র ছয়দল বিশিষ্ট, ছয় ৰিপু যথা--কাম, ক্রোধ, লােভ, মােহ, মদ, মাৎসল্য। মণিপুৰ চক্ৰ দশদল বিশিষ্ট, দশ ইন্দ্ৰিয়ৰ দশ দশ গুণ। অনাহত চক্র বাৰদল বিশিষ্ট, দশ ইন্দ্রিয় আৰু মন বুদ্ধি। বিশুধাক্ষ চক্র ষোলদল বিশিষ্ট, দশ ইন্দ্রিয়, চাৰি অন্তঃকৰণ, বিদ্যা অবিদ্যা। আজ্ঞা চক্র দ্বিদল, প্রকৃতি পুৰুষ বিৰাট ব্ৰহ্ম । সহস্র দল পৰমাত্মাৰ অসীম অনন্ত অখও মহা শক্তি আৰু পূর্ণ ভাবক জানিবা । বিৰাট ভগবানৰ অঙ্গ-প্রত্যঙ্গ ব্যতিৰেকে ষট্চক্র আন কোনাে বলে বস্তু নহয়।

মন্ত্র জপৰ প্ৰকৰণ

 জপ কৰিবৰ পূৰ্ব্বে মুখ জপাই নাকৰ দ্বাৰা ওঁ শব্দ মনে মনে উচ্চারণ কৰােতে কৰােতে উশাহ টানি লব লাগে, তাৰ পাছত