পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
ষট্ চক্র ভেদ


কৰি মুক্তস্বৰূপ ৰাখিব । ইয়াক সত্য সত্য নিশ্চয় জানিবা ।
 এই ওঁকাৰ পুৰুষ বিৰাট ভগবানৰ আৰু ওঁ মন্ত্ৰৰ বিষয় যি জনে শিক্ষা পায়, তেওঁ নিজৰ পুত্রকন্যা আৰু প্ৰতিবাসী স্ত্রী পুৰুষ, যি কুলত জন্ম হওক সকলোকে এই সদুপদেশ ওঁ মন্ত্র দিব, এই ঈশ্বৰৰ অভিপ্রায়। কোনো কথাত ভীত বা চিন্তিত নহব, ভগবান পৰমাত্মাই সকলাে প্রকাৰে মঙ্গল কৰিব। কোনাে অবােধৰ কথা শুনি সৎপথৰ পৰা কাকো বিমুখ নকৰিব।

ষট্ চক্র ভেদ

 মানুহসকলে অজ্ঞানৰ বশ হৈ ষট্ চক্র কাক বােলে সেই বােধ নকৰি পৰস্পৰ নানা প্রকাৰ কষ্ট ভােগ কৰিছে, মুল বস্তুৰ ফালে কাৰো লক্ষ্য নাই। যি ষট্ চক্র তােমাৰ মাজত আছে, সেই ষট্ চক্ৰ বিৰাট ব্ৰহ্মৰ মাজত আছে, যি বিৰাট ব্ৰহ্মত আছে সেই তােমাৰ মাজত আছে।
  বিৰাট ব্ৰহ্মৰ পৃথিবী চক্র তােমাৰ মাজত অস্থি মাংস চক্র। বিৰাট ব্ৰহ্মৰ জল চক্ৰ তােমাৰ মাজত, ৰক্ত ৰস নাড়ী চক্র। বিৰাট ব্ৰহ্মৰ অগ্নি চক্ৰ তােমাৰ মাজত অগ্নি চক্ৰৰ দ্বাৰাই ভোক লাগিছে, আহাৰ কৰিছা, অন্ন জীণ গৈছে আৰু কথা কৈছা। বিৰাটব্ৰহ্মৰ বায়ু চক্র তােমাৰ মাজত নাকৰ বাটে স্বাস-প্রশ্বাস চলিছে, বিৰাট ব্ৰহ্মৰ আকাশ চক্ৰ তােমাৰ ভিতৰত আকাশ চক্ৰেৰে কাণৰ বাটে শুনিছা। বিৰাট চন্দ্ৰমা জ্যোতিঃ চক্র যাক দেখিছা তোমাৰ ভিতৰত সেই চন্দ্রমা জ্যোতিঃ চক্র দ্বাৰাই মনৰূপে