পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
সাৰনিত্যক্রিয়া


ওঁ মহঃ, ওঁ জনঃ, ওঁ তপঃ, ওঁ সত্যঃ, ইয়াৰ অৰ্থ পৃথিবী, পানী,জুই, বতাহ, আকাশ, চন্দ্ৰমা, সূৰ্য্যনাৰায়ণ। এই “ওঁ” বিৰাট ব্ৰহ্মক শাস্ত্ৰত সাবিত্ৰী জগৎ জননী বোলে। ওঁ ভূভূৰ্বস্বৰম্ অৰ্থ ভূৰ্লোক, অন্তৰীক্ষ লোক, স্বৰ্লোক ভূৰ্লোক পৃথিবীক বোলে। অন্তৰীক্ষ লোক মধ্যস্থানক বোলে। স্বৰ্লোক স্বৰ্গক বোলে। কিন্তু ইয়াৰ সাৰ অৰ্থ ভূৰ্লোক নাভিত জঠৰাগ্নিৰূপে ব্ৰহ্ম। অন্তৰীক্ষ লোক হৃদয়ত প্ৰাণবায়ুৰূপে চন্দ্ৰমা জ্যোতিঃ বিষ্ণু। স্বৰ্লোক মস্তকত জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণ শিবৰূপে এই তিনি লোকৰ তিনি ৰূপ। এই তিনি লোকৰ জ্যোতিঃক প্ৰেম ভক্তিৰে এক অখণ্ডকাৰ পূৰ্ণবিৰাটৰূপে ধ্যান কৰিলে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ অখণ্ডাকাৰে জীৱাত্মা পৰমাত্মা অভিন্নৰূপে প্ৰকাশ পাব। আৰু কোনো বিষয়ে ভ্ৰম নাথাকিব। তৎসবিতুৰ্বৰেণ্যম্, তৎ অৰ্থে ঈশ্বৰ। সবিতুঃ অৰ্থে সূৰ্য্যনাৰায়ণ, প্ৰসবিতা অৰ্থাৎ সৃষ্টিকৰ্ত্তা। বৰেণ্যম্ শ্ৰেষ্ঠ সূৰ্য্য়নাৰায়ণ। ভৰ্গো দেবস্য় অৰ্থাৎ সূৰ্য্য়নাৰায়ণৰ তেজ কিৰণ জ্যোতিঃ দেবতা। ধীমহি, ধী অৰ্থাৎ বুদ্ধি। ধীয়োয়নঃ প্ৰচোদয়াৎ, অৰ্থাৎ ঈশ্বৰ সূৰ্য্য়নাৰায়ণে ভিতৰৰ পৰা প্ৰেৰণ কৰে। অৰ্থাৎ সূৰ্য্যনাৰায়ণক প্ৰত্যেক নৰনাৰীয়ে ভক্তি শ্ৰদ্ধা কৰি জ্যোতিঃৰ সম্মুখে হাত জোড় কৰি প্ৰাৰ্থনা কৰিব যে, হে ভৰ্গোদেবস্য় হে দেব জ্যোতি:স্বৰূপ জগৎ পিতা জগন্মাতা জগদ্ গুৰু মোৰ বুদ্ধিক ভিতৰৰ পৰা প্ৰেৰণ কৰি সত্য তত্ত্বত লগাওক যাতে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য মই উত্তমৰূপে বুজি নিষ্পন্ন কৰিব পাৰো। যাতে জ্ঞান হৈ মুক্ত স্বৰূপ পৰমানন্দে পৰিবাৰসকলে সৈতে আনন্দৰূপে থাকিব পাৰো।