পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৹

সাধকসকল কৰ্ত্তৃক শাস্ত্ৰানুসাৰে অন্তৰাকাশত জীব বুলি বৰ্ণিত হয় তেৱেঁই বহিৰাকাশত সূৰ্য্যনাৰায়ণ ৰূপে বিৰাজমান। পাথৰ, মণি আৰু ধাতুৰ মাজত তেৱেঁই তেজোৰূপে আৰু বৃক্ষ, ওষধি আৰু তৃণৰ মাজত ৰস ৰূপে আছে।

“প্ৰত্যক্ষদেবতা সুৰ্য্য়োজগচ্চক্ষুদিবাকৰঃ।
তস্মাদপ্যধিকা কচিদ্দেবতা নাস্তি শাশ্বতী॥
তম্মাদিদং জগজ্জাতং লয়ং যাস্য়তি তত্ৰচ॥ ”
     —ভবিষ্যপুৰাণং

 জগতৰ চক্ষুস্বৰূপ দিবাকৰ সূৰ্য্যনাৰায়ণ প্ৰত্যক্ষ দেবতা তেওঁতকৈ শ্ৰেষ্ঠ কোনো নিত্য দেবতা নাই। তেওঁৰে পৰা এই জগত জন্মিছে আৰু তেওঁতেই লয় পাব।

 

অনুবাদকৰ নিবেদন

 পৰমহংস শিবনাৰায়ণ স্বামীৰ সত্য ধৰ্ম্ম উপদেশৰ পুথি সাৰ- নিত্য ক্ৰিয়া বঙ্গভাষাৰ পৰা অসমীয়া ভাষাত অনুবাদ কৰি অসাম- বাসী ধৰ্ম্মানুৰাগী লোক সাধাৰণৰ হাতত অৰ্পণ কৰা হল। অনু- বাদ কাৰ্য্যত আমাৰ অনেক ক্ৰটী দোষ ঘটিছে, জ্ঞানীসকলে নিজগুণে আমাৰ দোষ ক্ষমা কৰি পুথিৰ সাৰ ভাব গ্ৰহণ কৰিব এই মিনতি।