পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
সূৰ্য্যনাৰায়ণৰ ধ্যান আৰু ব্ৰহ্ম গায়ত্রী সম্বন্ধে বিচাৰ


বিষ্ণু ভগবান আৰূঢ় অৰ্থাৎ বিৰাজমান থাকি সকলো ইন্দ্ৰিয়ক প্ৰেৰণা কৰিছে। সেই বিষ্ণু ভগবান জ্যোতিঃস্বৰূপক চৰাচৰে সৈতে পূৰ্ণৰূপে ভক্তি কৰি নমস্কাৰ কৰা উচিত।
 গধুলি শিবৰূপে-

“ললাটে শ্বেতং দ্বিভূজং ত্ৰিশূল-
ডমৰুকৰমৰ্দ্ধচন্দ্ৰবিভূষিতং পঞ্চবক্ত্ৰং
ত্ৰিনেত্ৰং বৃষভাসনস্থং শম্ভুং ধ্যায়েৎ।”

 ললাট, নিজৰ ক্ষুদ্ৰ কপালত আৰু বিৰাট ব্ৰহ্মৰ আকাশৰূপ কপালত। শ্বেত অৰ্থে বগা বৰ্ণ : গধুলি যেতিয়া সূৰ্য্যনাৰায়ণ মহাতেজ সঙ্কোচ কৰি শীতল চন্দ্ৰমা জ্যোতিঃৰূপে প্ৰকাশ হয় সেই সময়ত শিবৰূপে সেই চন্দ্ৰমা জ্যোতিঃক ধাৰণা কৰিব। দ্বিভুজং অৰ্থে বিদ্যা আৰু অবিদ্যা। ত্ৰিশূল অৰ্থে ত্ৰিতাপ আৰু সত্ত্ব ৰজঃতমঃ এই তিনি গুণ। ডমৰু ( এক প্ৰকাৰ বাদ্য যন্ত্ৰ) চৰাচৰৰ শৰীৰ। এই চৰাচৰ শৰীৰৰূপী বাদ্য যন্ত্ৰৰ পৰা কত প্ৰকাৰ ৰাগ ৰাগিণী ওলাইছে তাৰ সীমা নাই। এই শৰীৰৰূপী ডমৰু বাদ্য যন্ত্ৰক শিব চেতন অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপে বজাইছে, তাৰে পৰা নানা প্ৰকাৰ সুৰ ওলাইছে। অৰ্দ্ধচন্দ্ৰম্ অৰ্থে ভূষণ সংযুক্ত চন্দ্ৰমা জ্যোতিঃ। তাতে শিব বাস কৰে। ভূষণৰ অৰ্থ জগৎমায়া। শিব শব্দে জ্যোতিঃ চেতন। পঞ্চবক্ত্ৰং পাঁচমুখ অৰ্থাৎ ক্ষিত্য়াপ্ তেজোমৰুদ্ব্যোম্ এই পাচ তত্ত্ব বিৰাট ভগবানৰ অঙ্গ-প্ৰত্যঙ্গ। ত্ৰিনেত্ৰং অৰ্থে জ্যোতিঃস্বৰূপ অগ্নি, চন্দ্ৰমা আৰু সূৰ্য্য়নাৰায়ণ, অৰ্থাৎ জ্ঞান, অজ্ঞান, বিজ্ঞান। অজ্ঞান চক্ষুৰে গৃহস্থসকলে ব্যবহাৰিক কাৰ্য্য কৰিছে। জ্ঞান চক্ষুৰে সদসৎ বিচাৰ কৰিছে আৰু বিজ্ঞান চক্ষুৰে জীবাত্মা পৰমাত্মা অভেদ দেখি অৰ্থাৎ এক হৈ পৰমানন্দে মুক্তস্বৰূপ