জগন্মাতা, জগদ্ গুৰু, জগদাত্মা চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ ৰূপে প্ৰকাশিত পৰমাত্মাক ভক্তি কৰি ধাৰণ কৰিব বা চিন্তা কৰিব।
মধ্যাহ্নে (দুপৰীয়া) বিষ্ণুৰূপে-
“ওঁ হৃদি নীলোৎপলদল প্ৰভং
চতুৰ্ভুজং শঙ্খচক্ৰগদাপদ্মহস্তং
গৰুড়াসনসমাৰূঢ়ং (হৃদি) কেশবং ধ্যায়েৎ।”
অপোনাৰ ক্ষুদ্ৰ হৃদয়ত আৰু বিৰাট ব্ৰহ্মৰ আকাশৰূপ হৃদয়ত( নীলবৰ্ণ আকাশত) নীলোৎপলদলপ্ৰভং অৰ্থাৎ নীল পদ্ম সদৃশ বিষ্ণু ভগবান পৰম জ্যোতিঃ নাৰায়ণ প্ৰকাশমান আছে।শঙ্খচক্ৰগদাপদ্মহস্তং। শঙ্খ অৰ্থে সমষ্টি চৰাচৰৰ মস্তক। যেতিয়া চেতন বিষ্ণু ভগবানে মস্তকৰূপী শঙ্খ বজায়, তেতিয়া সমস্ত চৰাচৰে সকলো কাৰ্য্য কৰে আৰু বাইবেল কোৰাণ বেদান্ত শাস্ত্ৰাদি পাঠ কৰে। যেতিয়া আপোনাৰ চেতনা শক্তি সঙ্কোচ কৰি লয়, তেতিয়া চৰাচৰৰ মস্তকৰূপী শঙ্খ নিদ্ৰা (টোপনি) অৱস্থাত পৰি থাকে কোনো কাৰ্য্য নকৰে। চক্ৰ অৰ্থাৎ জ্ঞান। সেই জ্ঞান চক্ৰেৰে অজ্ঞানৰূপী ৰাক্ষসক খণ্ড খণ্ড কৰি জীৱাত্মা পৰমাত্মা অভেদৰূপে পৰমানন্দে আনন্দৰূপে ৰাখে। গদা অৰ্থে অবিদ্যা। অহঙ্কাৰী অৰ্থাৎ পৰমাত্মাৰ বিমুখী লোকক অবিদ্যাৰূপী গদাৰে তাড়না কৰে।পদ্ম অৰ্থে মন। মনোৰূপ পদ্মেৰে সমষ্টি জ্ঞানেন্দ্ৰিয় আৰু কৰ্ম্মেন্দ্ৰিয় ধাৰণ কৰিছে। মনেৰে জয় আৰু পৰাজয় কৰে, মন জয় হলে সকলো জয় হয়। বিষ্ণু ভগবানৰ চাৰি হাত অৰ্থাৎ মন বুদ্ধি চিত্ত অহঙ্কাৰ এই চাৰি অন্তঃকৰণ। এই চাৰি হাতেৰে চৰাচৰক পালন কৰিছে। গৰুড়াসনসমাৰূঢ়ং। গ + ও গো শব্দে চৰাচৰৰ জ্ঞানেন্দিয় আৰু কৰ্ম্মেন্দ্ৰিয়ৰ ভিতৰত আৰু বাহিৰত পৰিপূৰ্ণৰূপে