পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
সাৰনিত্যক্রিয়া


যায় যি কোনো বস্তু অগ্নি ত দিলে অগ্নিদেবে আপোন ৰূপ কৰি লয়। যদি সেই সকলো বস্তু স্বৰূপত এক নহল হেতেন তেনে পাছত কেতিয়াও একৰূপ নহল হেতেন।
 বেদাদি শাস্ত্ৰত সূৰ্য্যনাৰায়ণত সকলো দেবতাৰ আৰু দেবীৰ ধ্যান ধাৰণা কৰিবৰ বিধি আছে। ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি তিনিও সময়তে, প্ৰাতে(ৰাতিপুৱা) ব্ৰহ্মাৰূপে, দুপৰীয়া বিষ্ণুৰূপে আৰু গধূলি শিবৰূপে। ৰাতিপুৱা ঋকবেদ, অৰ্থাৎ কালীৰূপে,দুপৰীয়া যজুৰ্ব্বেদ অৰ্থাৎ দুৰ্গাৰূপে, আৰু গধূলি সামবেদ অৰ্থাৎ সৰস্বতী, সাবিত্ৰী, গায়ত্ৰী মাতাৰূপে সূৰ্য্যনাৰায়ণৰ ধ্যান ধাৰণা কৰিবৰ বিধি যথা।
 ৰাতিপুৱা ব্ৰহ্মাৰূপে-

“ওঁ ৰক্তবৰ্ণং চতুৰ্ম্মুখং দ্বিভুজং অক্ষসূত্ৰ-
কমণ্ডলুকৰং হংসাসনসমাৰূঢ়ং
ব্ৰহ্মাণং নাভিদেশে ধ্যায়েৎ।”

 ইয়াৰ আধ্যাত্মিক সাৰ অৰ্থ এই দৰে জানিবা। বক্তবৰ্ণং অৰ্থাৎ ৰাতিপুৱা যেতিয়া সূৰ্য্যনাৰায়ণ ৰঙা তেজোময় জ্যোতি: বালক স্বৰূপ নিৰাকাৰৰ পৰা সাকাৰ ৰূপে প্ৰকাশ হয় সেই ৰাতিপুৱা কালৰ ৰূপ ৰঙা বৰ্ণ। চতুৰ্ম্মুখং অৰ্থাৎ চাৰিও ফালে যাৰ মুখ আছে। যেনে জুই জ্যোতিঃৰ দশোদিকে মুখ আছে, যি ফালৰপৰা হাত দিব সেই ফালৰ পৰা হাত পুৰিব। সেই দৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণৰ দশোদিকে মুখ আছে। মুখ অৰ্থে জ্যোতিঃ। সূৰ্য্যনাৰায়ণ আৰু চন্দ্ৰমা জ্যোতিঃ যেতিয়া উদয় হয়,তেতিয়া তেওঁৰ জ্যোতিঃ চতুৰ্দ্দিকে অৰ্থাৎ সমস্ত জগততে পৰে।এই নিমিত্তে মুনি ঋষিসকলে ৰাতিপুৱা জ্যোতিঃস্বৰূপ সূৰ্য্য়নাৰায়ণৰ