পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
“ওঁ” মন্ত্র জপৰ কাৰণ


 পৰমাত্মাৰ “ওঁ” নাম অৰ্থাৎ “ওঁ” মন্ত্ৰ জপ কৰিবৰ কাৰণ এই কোনো পুত্ৰ কন্যাৰ মাতা পিতাক মাতিবৰ প্ৰয়োজন হলে, মাতা পিতা বুলি মাতিব লগা হয় আৰু যেতিয়া মাতা পিতাই উত্তৰ দিয়ে তেতিয়া আৰু প্ৰয়োজন নাথাকে। সেই দৰে মাতা পিতাৰূপী ওঁ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট গুৰু আত্মা মাতা পিতাক অজ্ঞান দূৰ কৰিবৰ নিমিত্তে ভক্তি কৰি “ওঁ” নাম লৈ মাতিব লাগে। আৰু যেতিয়া “ওঁ” পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ তোমাৰ ভিতৰে আৰু বাহিৰে প্ৰকাশ হব তেতিয়া আৰু তেওঁক “ওঁ” নাম লৈ মাতিবৰ প্ৰয়োজন নাথাকিব। তেওঁ তোমাৰ সকলো প্ৰকাৰৰ অজ্ঞানতা আৰু ভ্ৰম দূৰ কৰি আৰু দুঃখ গুচাই পৰমানন্দে আনন্দৰূপ ৰাখিব।

“ওঁ”

সূৰ্য্যনাৰায়ণ অগ্নিত আহুতি প্ৰদান
সূৰ্য্যনাৰায়ণৰ ধ্যান আৰু ব্ৰহ্ম গায়ত্ৰী
  সম্বন্ধে বিচাৰ

 অনাদি সনাতন ধৰ্ম্ম অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ প্ৰত্যক্ষ বিৰাট ৰূপে জগৎপিতা জগন্মাতা জগদ্গুৰু জগদাত্মা বিৰাজমান আছে। তেওঁক এৰি আৰ্য্যসকলৰ আজি কি দুৰ্দশা নহৈছে?