পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সাৰনিত্যক্রিয়া


 যি গুৰুৱে শিষ্যক মঙ্গলৰ নিমিত্তে বা জ্ঞান মুক্তিৰ নিমিত্তে মন্ত্ৰ দিয়ে, সেই মন্ত্ৰদাতা গুৰুৰ এই কথা নিশ্চয় বোধ হোৱা উচিত যে তেওঁৰ নিজৰ জ্ঞান আৰু মুক্তি হৈছে নে নাই? যদি তেওঁ নিজে জ্ঞানমুক্ত হৈছে, তেন্তে যি পৰমাত্মাৰ পৰা জ্ঞান আৰু মুক্তি পাইছে তেওঁকে দেখাই শিষ্যক উপদেশ দিলে সাধাৰণৰ মঙ্গল হব। যদি তেওঁৰ নিজৰ জ্ঞান হোৱা নাই যে নিজে কোন, মন্ত্ৰ কি, কাৰ নাম ক’ত আছে, নিৰাকাৰ বা সাকাৰ, আৰু যাক মন্ত্ৰ দিছে সেই শিষ্যৰ ৰূপ কি, আৰু এই শিষ্যক যি জনে জ্ঞান দি মুক্ত কৰিব তেওঁৰ স্বৰূপ কি? এই সকলো স্বৰূপ বোধ নিশ্চয় নাথাকি, নিজৰ স্বাৰ্থৰ নিমিত্তে মন্ত্ৰ দিলে, তেওঁৰ আৰু জগতৰ অমঙ্গলৰ সীমা নাথাকে, ঈশ্বৰৰ ওচৰত অপৰাধী হয়।যি গুৰুৰ এইৰূপ স্বৰূপ বোধ নাই তেওঁ প্ৰপঞ্চ কৰি শিষ্যক মন্ত্ৰ দি অধৰ্ম্ম নবঢ়াই স্পষ্ট কৈ দিব যে মোৰ কি ৰূপ আৰু শিষ্যৰ কি ৰূপ, আৰু যি জনে মুক্তি দিব তেওঁৰ কি ৰূপ, মন্ত্ৰ কাক বোলে আৰু মন্ত্ৰ কাৰ নাম, নিৰাকাৰ বা সাকাৰ সেই কথা মই নাজানো,মোৰ জাতীয় ব্যবসায় জীবিকা নিৰ্ব্বাহৰ জন্যে মন্ত্ৰ দিছো, মোৰ অপৰাধ ঈশ্বৰে আৰু তোমালোকে ক্ষমা কৰিবা।
 গুৰু কৰাৰ প্ৰয়োজন কি? যেনে পিয়াহ গুচাবৰ নিমিত্তে পানী খোৱাৰ প্ৰয়োজন হয়, সেই দৰে অজ্ঞান দূৰ কৰিবৰ নিমিত্তে আৰু জ্ঞান মুক্তি পাবৰ নিমিত্তে পৰম গুৰু পৰমাত্মা বিৰাট জ্যোতিঃস্বৰূপক গুৰু কৰাৰ আবশ্যক।