পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
গুৰু কাক বােলে ?


ৰাতিপুৱা দুপৰীয়া আৰু গধুলি শ্ৰদ্ধা ভক্তি কৰি নিৰাকাৰ সাকাৰ পূৰ্ণৰূপে বিৰাট ভগবান চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জগৎ গুৰু মাতা-পিতা পৰমাত্মাক প্ৰণাম কৰিবা। তেওঁ তোমালোকৰ সকলো প্ৰকাৰ দুঃখ কায়িক আৰু মানসিক অজ্ঞান বা জ্ঞানকৃত যি কোনো প্ৰকাৰৰ পাপ কৰিছা, তাক দূৰ কৰি পৰমানন্দে ৰাখিব, ইয়াক সত্য সত্য জানিবা। যি দৰে অগ্নিদেবে সকলো প্ৰকাৰৰ স্থূল পদাৰ্থ (চন্দন বিষ্ঠা প্ৰভৃতি) সকলোকে ভস্ম কৰি আপোনাৰ ৰূপ কৰি নিৰাকাৰ হয়, সেই দৰে পূৰ্ণপৰব্ৰহ্ম বিৰাট জ্যোতিঃস্বৰূপে সকলো প্ৰকাৰৰ পাপ আৰু অজ্ঞানতা ভষ্ম কৰি জীৱাত্মা আৰু পৰমাত্মা অভেদ কৰি পৰমানন্দে আনন্দৰূপ ৰাখে। ই সকলো শাস্ত্ৰৰ সাৰ ভাব।

গুৰু কাক বোলে?

 গু শব্দৰ অৰ্থ অন্ধকাৰ অৰ্থাৎ অজ্ঞানতা, আৰু ৰু শব্দৰ অৰ্থ প্ৰকাশ, যেনে সূৰ্য্যনাৰায়ণ প্ৰকাশ হলে এন্ধাৰ নাথাকে, সেইদৰে তেৱেঁই গুৰু, যি প্ৰকাশ হলে অজ্ঞানতা নাথাকে জীৱাত্মা আৰু পৰমাত্মা অভেদ কৰি পৰমানন্দে আনন্দৰূপ ৰাখে। অৰ্থাৎ পুৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপেই পৰম গুৰু পৰমাত্মা মুক্তি আৰু জ্ঞান দাতা, তেওঁৰ বাহিৰে আন গুৰু কোনো নাই আৰু হবও নোৱাৰিব।
  যি সত্য পথে গৈছে, সত্যত যাৰ প্ৰগাঢ় নিষ্ঠা, যি সত্য বোলে, যাৰ সত্য ব্যবহাৰ, সত্যই প্ৰিয়, আৰু সকলোকে সমভাবে যি সৎ উপদেশ দিয়ে, তেওঁ লৌকিক সৎগুৰু অৰ্থাৎ উপদেশ গুৰু। এই প্ৰকাৰ লোকৰ ওচৰত সৎ উপদেশ লোৱা উচিত।