পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹


আজ্ঞা পালন আৰু সেই প্ৰীতি ভত্তিৰ ফলস্বৰূপ আনন্দ ভোগৰ অধিকাৰী হব, সন্দেহ নাই। আৰু কব পাৰি যে যি মাতা-পিতাৰ জগৎগুৰু পূৰ্ণপৰব্ৰহ্ম জ্যোতিস্বৰূপ প্ৰতি প্ৰীতি আৰু ভক্তি আছে তেওঁলোকৰ সন্তানেও অৱশ্যে তেওঁলোকক প্ৰীতি আৰু ভক্তি কৰিব।

 জ্ঞানী লোকে জানে যে এই জগতত ব্যবহাৰিক আৰু পাৰমা ৰ্থিক কাৰ্য্য তিনি প্ৰকাৰে নিষ্পন্ন হয়, প্ৰথম নিষ্কামভাবে, দ্বিতীয় তৃষ্ণাভাবে, তৃতীয় ভয়ত। পৰমাত্মাৰ প্ৰিয় জ্ঞানবান আৰু ভক্তি- মান লোকে ব্যৱহাৰিক আৰু পাৰমাথিক কাৰ্য্য জগতৰ উপকাৰৰ নিমিত্তে নিষ্কামভাবে কৰে। লোভী অৰ্থাৎ তৃষ্ণাতুৰ লোকসকলে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য় কোনো ফল পোৱাৰ আশা নহলে জগতৰ উপকাৰ নিমিত্তে কেতিয়াও নকৰে। অজ্ঞান অৱস্থাত থকা তামসিক লোক সকলে ভয় নাপালে ব্যবহাৰিক আৰু পাৰমাৰ্থিক কোনো কাৰ্য্য় নকৰে।

 এই পুথিত ৰচনাৰ লালিত্য বা ভাষাৰ অলঙ্কাৰৰ প্ৰতি দৃষ্টি নাৰাখি সৰলতা আৰু তাৰ প্ৰতি বিশেষ দৃষ্টি ৰখা হৈছে। কাৰণ পুথিখনি সাধাৰণ গৃহস্থসকলৰ শিক্ষাৰ নিমিত্তে ৰচিত হৈছে।

 এই পুথিত জ্যোতিৰ ধাৰণা কৰি পৰমাত্মাৰ পূৰ্ণভাবে উপা- সনাৰ যি বিধি আছে, সেয়ে ব্ৰাহ্মণসকলৰ সনাতন ধৰ্ম্ম; যিসকলে উপনিষদ সহ বেদাধ্যয়ন কৰিছে তেওঁলোকে ইয়াক উত্তমৰূপে জানে। কিন্তু বস্তুৰ প্ৰতি লক্ষ্যভ্ৰষ্ট হৈ কেবল শব্দৰ আলোচনাত যথাৰ্থ শাস্ত্ৰীয় জ্ঞানানুসাৰে সাধন ক্ৰিয়া নাই বুলিলে অত্যুক্তি নহয়। সাধন প্ৰবৃত্তি দৃঢ় কৰিবৰ নিমিত্তে পণ্ডিতসকলৰ মাজত যিসকল শাস্ত্ৰ প্ৰচলিত তাৰ কতিপয় বচন এই ঠাইত উদ্ধৃত কৰা হল। যি-